সোণতলী: দক্ষিণ কামৰূপৰ সোণতলীত বানাক্ৰান্তৰ মাজত আজিও হাহাকাৰ পৰিস্থিতি৷ ব্ৰহ্মপুত্ৰৰ জলপৃষ্ট কিছু পৰিমাণে উন্নত হৈছে যদিও বকোৰ অৰ্ধশতাধিত গাঁও এতিয়াও বানৰ কবলত আছে৷ খাদ্য, চিকিৎসা আৰু বাসস্থানৰ অভাৱত অঘৰী জীৱন যাপন কৰিবলগীয়া হৈছে বানাক্ৰান্তই৷ উল্লেখযোগ্য যে মৰণক হৰণ দি জীৱন অতিবাহিত কৰা বানাক্ৰান্ত মানুহবোৰকলৈ চৰকাৰে ল'ৰা-ধেমালি কৰি আছে বুলি অভিযোগ উত্থাপিত হৈছে৷
মাহতলী গাঁও পঞ্চায়তৰ শতাধিক গাঁৱৰ মানুহবোৰে প্ৰায় ৫০০০ (পাঁচ হাজাৰ) পশুধনৰ সৈতে আৰিকাটি ৰিং বান্ধত আশ্ৰয় ল'ব লগা হৈছে৷ অসম চৰকাৰে বানাক্ৰান্ত মানুহবোৰৰ লগতে এই পাঁচ হাজাৰ পশুধনৰ মাজত মাত্ৰ ২০০ ত্ৰিপাল বিতৰণ কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ ইপিনে বানাক্ৰান্ত মানুহবোৰৰ ওচৰত বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাসে উপস্থিত হৈ পৰিস্থিতিৰ বুজলৈ ব্যক্তিগতভাবে সাহায্য প্ৰদান কৰে৷ বিধায়িকাগৰাকীয়ে মাহতলী গাঁও পঞ্চায়ত পৰিদৰ্শন কৰি মানুহবোৰক চাউল, চিৰা, তেল, নিমখ, চেনি আদি প্ৰদান কৰাৰ লগতে অচিৰেই মানুহবোৰক ত্ৰিপালৰ যোগান ধৰাৰ আশ্বাস প্ৰদান কৰে৷
বিধায়িকাগৰাকীয়ে অসম চৰকাৰৰ সামান্য পৰিমাণৰ সাহায্যক তীব্ৰ গৰিহণা দিয়াৰ লগতে বানাক্ৰান্ত লোকসকলক সম্পূৰ্ণ সামগ্ৰী যোগান ধৰাৰ লগতে স্বাস্থ্যৰ ক্ষেত্ৰত গুৰুত্ব দিবলৈ অনুৰোধ জনায়৷