দলগাঁও প্ৰেছ ক্লাবৰ সাহায্য বিতৰণ বানাক্ৰান্তক

 07/19/2019 - 16:00

দলগাঁওঃ দৰঙত এতিয়াও উন্নত হোৱা নাই বান পৰিস্থিতিৰ। যিফালেই চোৱা যায় সিফালেই মাথোঁ পানী আৰু পানী। নদী নহয়, যেন মহাসাগৰহে। ৰাজ্যজুৰি সৃষ্টি হোৱা এনে জল-প্ৰলয়ত দিশহাৰা হৈছে চৰ-চাপৰিত বাস কৰা বানাক্ৰান্ত লোকসকল। দৰং জিলাৰ দলগাঁও সমষ্টিৰ অন্তৰ্গত শ্যামপুৰ চৰ এলেকাটোৰ কেইবাটাও আশ্ৰয় শিবিৰত আজি দলগাঁও প্ৰেছ ক্লাবৰ সদস্যসকলে শিশুৰ বাবে প্ৰয়োজনীয় খাদ্য, বিশুদ্ধ খোৱাপানী, মম আদি সামগ্ৰী বিতৰণ কৰে। জ্যেষ্ঠ সাংবাদিক আব্দুল আজিজৰ নেতৃত্বত দহজনীয়া সাংবাদিক দলটোৱে পুৱা ১০ বজাত ভুটভুটি নাৱেৰে ব্ৰহ্মপুত্ৰৰ সুঁতিৰে যাত্ৰা কৰি সাহায্য সামগ্ৰীসমূহ বিতৰণ কৰে।

দলগাঁও গাঁও পঞ্চায়তৰ সভাপতি বিশ্বজিত ঘোষ, ব্যৱসায়ী ৰুদ্ৰ বাহাদুৰ ছেত্ৰীয়ে উক্ত সাহায্য সামগ্ৰীসমূহ যোগান ধৰাৰ লগতে সাংবাদিকৰ দলটোৰ লগত উপস্থিত হৈ বানপীড়িত লোকসকলৰ পৰিস্থিতিৰ বুজ লৈ মৰ্মাহত হয়। আজি কেইবাদিনো ধৰি মহাবাহু ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে সৃষ্টি কৰা তাণ্ডৱৰ পাছতো আজিকোপতি কোনো চৰকাৰী সাহায্য নোপোৱাত শিবিৰসমূহত মানুহ আৰু জীৱ জন্তুৱে সহাৱস্থান কৰিবলৈ বাধ্য হৈছে। বহু শিবিৰত এতিয়াও মুক্ত আকাশৰ তলত থাকিবলগীয়া হৈছে বন্যাৰ্ত।

ইফালে স্থানীয় বিধায়ক ইলিয়াছ আলীয়ে বানাক্ৰান্তৰ খবৰ ল’বলৈ যায় যদিও এবটল পানীও বিতৰণ কৰিবলৈ সাহস নহ’ল বুলিও বন্যাৰ্তৰ একাংশই ক্ষোভ উজাৰিছে। মনকৰিবলগীয়া যে বিগত এসপ্তাহ ধৰি বানত ককবকাই থকা বন্যাৰ্তক সহায় কৰিবলৈ কোনো চৰকাৰী বিষয়া বা বেচৰকাৰী সংস্থাই খবৰ নোলোৱা বুলি জানিবলৈ দিয়ে।

এফালে পোহনীয়া জীৱ-জন্তুৰ খাদ্যৰ অভাৱ, আনফালে নাই কোনো চিকিৎসা সেৱা, নাই এটোপাল বিশুদ্ধ খোৱাপানী। দলগাঁও প্ৰেছ ক্লাৱৰ জ্যেষ্ঠ সাংবাদিক আব্দুল আজিজ আৰু মজিবুৰ ৰহমানে দৰং জিলা প্ৰশাসনক অতিশীঘ্ৰেই বন্যাৰ্তৰ বাবে প্ৰয়োজনীয় সাহায্য যোগান ধৰিবলৈ আহ্বান জনোৱাৰ লগতে দলগাঁও গাঁও পঞ্চায়তৰ সভাপতি বিশ্বজিত ঘোষ আৰু দলগাঁৱৰ ব্যৱসায়ী ৰুদ্ৰ বাহাদুৰ ছেত্ৰীৰ মহানুভৱতাৰ শলাগ লয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।