07/19/2019 - 16:49
in
বজালীঃ পাঠশালাত বানপানীৰ মাজতে ভাহি অহা এটা পূৰ্বে কোনেও নেদেখা বিৰল প্ৰজাতিৰ মাছ উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি ৰাইজৰ মাজত বাঢ়িছে উৎসুকতা। দুদিন পূৰ্বে পহুমৰা নদীৰ মথাউৰি ভাঙি পাঠশালা অঞ্চলত তীব্ৰ বানৰ সৃষ্টি হোৱা সময়তে পাঠশালা মুগুৰীয়াৰ হিমাংশু কলিতা নামৰ যুৱক এজনৰ জালত বন্দী হয় এই মাছটো।
সমগ্ৰ শৰীৰটো কাঁইটীয়া, ওপৰ ভাগ গাড়ীৰ চকাৰ দৰে, আৰু মুখ মেলিলে একপ্ৰকাৰ চৰাই যেন দেখা মাছটো চাবলৈ সম্প্ৰতি হিমাংশুৰ ঘৰলৈ মানুহৰ সোঁত বৈছে।