মৰিগাঁৱত আন্তঃজিলা জলক্ৰীড়া প্ৰতিযোগিতা আৰম্ভ

 03/25/2019 - 14:35

মৰিগাঁওঃ কায়াকিং আৰু কেনয়িং প্ৰশিক্ষণ কেন্দ্ৰৰ উদ্যোগত মাৰ্চ মাহৰ ২৪ আৰু ২৫ তাৰিখত মৰিগাঁৱৰ চাৰণ বিলত আন্তঃজিলা জলক্ৰীড়া প্ৰতিযোগিতা অনুস্থিত কৰা হৈছে।

২০০৭ চনত ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত জলক্ৰীড়া অনুষ্ঠিত কৰি আৰম্ভ কৰা কেন্দ্ৰটোত অনুস্থিত কৰা আন্তঃজিলা কেনয়িং আৰু কায়াকিং ক্ৰীড়া প্ৰতিযোগিতাত অসমৰ বিভিন্ন জিলাৰ ৩৭ জন প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে।জলক্ৰীড়া কেন্দ্ৰটোত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা এই প্ৰতিযোগিতাখন মৰিগাঁও জিলা ক্ৰীড়া সন্থাৰ সভাপতি তথা তিৱা স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৱন মান্তাই শুভ উদ্বোধন কৰে।

স্থানীয় ৰাইজ আৰু বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থকা অনুষ্ঠানটোত তেখেতে দিয়া ভাষণত কেন্দ্ৰটোৰ পৰা বহু প্ৰতিভাৱান খেলুৱৈ জন্ম হ’ব বুলি আশা প্ৰকাশ কৰাৰ লগতে প্ৰশিক্ষণ কেন্দ্ৰটো আগুৱাই নিয়াত ৰাইজৰ সহযোগিতা কামনা কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।