এছএছবি বিএন ৬৪ হাউলী কেম্পত ষষ্ঠ প্ৰতিষ্ঠা দিৱস উদযাপন

 07/19/2019 - 16:59

বৰপেটাঃ এছএছবি বিএন ৬৪ বৰমা কেম্পটোৰ হাউলীস্থিত কাৰ্যালয় চৌহদত ১৭ জুলাইত দিনজোৰা কাৰ্যসূচী আৰু ৰাতিৰ সাংস্কৃতিক সন্ধিয়াৰে ষষ্ঠ প্ৰতিষ্ঠা দিৱস উদযাপন কৰে। দিনৰ ভাগত প্ৰতিষ্ঠা দিৱসৰ পতাকা উত্তোলন, বিভিন্ন প্ৰতিযোগিতামূলক খেল-ধেমালি অনুষ্ঠিত কৰাৰ লগতে ৰাতি সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰে জোৱানসকলে। সাংস্কৃতিক সন্ধিয়াত বন্তি প্ৰজ্জ্বলন কৰে এছএছবি বিএন ৰঙিয়া হেড কোৱাৰ্টাৰ ডি আই জি নৰৱো ইবিআইয়ে আৰু অতিথি হিচাপে উপস্থিত থাকি সহযোগ কৰে বাক্সা জিলাৰ উপায়ুক্ত ভাস্কৰ পেগু, কেম্পটোৰ উপঅধীক্ষক অ’ শোভা সিংহ, উপঅধীক্ষক সন্দীপ পুনীয়া আৰু সহকাৰী অধীক্ষক প্ৰভাকৰে।

এছিয়ান মিছন ইনষ্টিটিউটৰ সঞ্চালক ডা০ আব্দুল কদ্দুছ শিকদাৰ, সাংবাদিক তথা কয়াকুছিৰ সমন্বয় সাহিত্য গোষ্ঠীৰ মুখ্য সম্পাদক ছাহেদ আলী আহমেদ, সাহিত্যিক তথা বিষয় শিক্ষক নুৰ হুছেইন আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থকা সাংস্কৃতিক সন্ধিয়াত এছএছবিৰ জোৱানৰ সৈতে গুৱাহাটীত পৰা আমন্ত্ৰিত জোৱানৰ শিল্পীদল ‘জাজ’ৰ লগতে মহিলা শিল্পী ‘সন্দীক্ষা’ৰ কৰ্ম-কৰ্তা সকলেও বিহু গীত, অসম, অৰুণাচল, মেঘালয়, মনিপুৰ, দক্ষিণ ভাৰতৰ বিভিন্ন ৰাজ্যৰ গীত-মাত-নৃত্য-কলা-কৌশল প্ৰদৰ্শন কৰি সকলোকে আপ্লুত কৰে।

উক্ত অনুষ্ঠানত এচএচবি জোৱানৰ বিভিন্ন কামৰ কলা-কৌশল প্ৰদৰ্শন আছিল অন্যতম আকৰ্ষন। বঁটা প্ৰদান শুভাৰম্ভ কৰে ডি আই জি নৰৱো ইবিআইয়ে। পৰিয়ালবৰ্গ আৰু জোৱানসকলৰ সৈতে সকলো অতিথিৰ প্ৰীতি ভোজেৰে ষষ্ঠ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী সম্পন্ন হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।