বানাক্ৰান্তলৈ সহায়ৰ হাত সমাজকৰ্মী যাদৱ চলিহাৰ

 07/19/2019 - 17:58

গহপুৰ: জীৱনত সকলো ইতিবাচক কামেই মানুহে কৰিব পাৰে তাৰ বাবে মাথো প্ৰয়োজন এখন বিশাল হৃদয় আৰু আনৰ দুখ হৃদয়ংগম কৰিব পৰা এটা মনৰ। গহপুৰৰ বৰঙাবাৰী বিলতীয়াৰ এগৰাকী মানৱদৰদী, সমাজকৰ্মী, সংস্কৃতিপ্ৰেমী ব্যক্তি তথা মৰ্ণিংষ্টাৰ হাইস্কুলৰ পৰিচালন সঞ্চালক যাদৱ চলিহা তেনে এক বিশাল মনৰ গৰাকী যিয়ে এইবাৰ বানাক্ৰান্তসকলক নিঃস্বাৰ্থভাৱে সহায়ৰ হাত আগবঢ়াই আহিছে। এইবেলি ব্ৰহ্মপুত্ৰৰ বানে ৰাজ্যৰ লগতে গহপুৰৰ বিভিন্ন স্থানত কালৰূপ ধাৰণ কৰাৰ মাত্ৰকে চলিহাই দিনটোৰ বেছিভাগ সময় বন্যাৰ্তৰ কাষত থাকি তেওঁলোকৰ দুখৰ সমভাগী হোৱাৰ লগতে পাৰ্যমানে সহায় কৰিবলৈ যত্ন কৰা কাৰ্যই মহানুভৱতাৰ পৰিচয় দাঙি ধৰিছে।

বিলতীয়া প্ৰাথমিক বিদ্যালয়ত আশ্ৰয় শিবিৰত আশ্ৰয় গ্ৰহণ কৰি থকা প্ৰায় ৬০-৬৫ গৰাকী বন্যাৰ্তক সম্পূৰ্ণ নিজাববীয়া প্ৰচেষ্টাৰে নতুন বস্ত্ৰ প্ৰদান কৰি এক মহানুভৱতাৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে চলিহাই শিবিৰত থকা শিশুসকলকো বস্ত্ৰ প্ৰদান কৰে। যোৱা বছৰো তেওঁ বুৰৈ নদীৰ গৰাখহনীয়াত সৰ্বহাৰা হোৱা কেইবাটাও পৰিয়ালক নিজাববীয়াকৈ সাহায্য প্ৰদান কৰিছিল।

কেৱল বানপানীৰ সময়ছোৱাতেই নহয় বিভিন্ন সময়ত তেখেতে আৰ্তজনৰ কাষত থিয় হৈ সহায়ৰ হাত আগবঢ়োৱাৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতো তেওঁ জড়িতহৈ সমাজলৈ এক ইতিবাচক বাৰ্তা কঢ়িয়াই আনিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।