বৰপেটাৰ কাদং চৰাঞ্চলত গ্লোবেল ইনষ্টিটিউটৰ পৰা বানপীড়িতলৈ সাহায্য বিতৰণ

 07/19/2019 - 18:01

জনীয়াঃ সমগ্ৰ ৰাজ্যতে বানপানীয়ে বিভীষিকাময় পৰিস্থিতি সৃষ্টি কৰাৰ সময়তে বৰপেটা ৰোডস্থিত মাধ্যমিক পৰ্যায়ৰ বিজ্ঞান আৰু কলা শাখাৰ গুণগত মান সম্পন্ন ব্যাক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান গ্লোবেল ইনষ্টিউটৰ সৌজন্যত স্বৰ্ণ কমল বঁটা প্ৰাপ্ত ''আলিফা'' কথাছবিৰ নাম ভূমিকাত অভিনয় কৰা পাকিজা হাচমিয়ে বৃহস্পতিবাৰে জনীয়া বিধান সমষ্টিৰ অন্তৰ্গত কাদঙৰ নিকটৱৰ্তী চৰ অঞ্চলত গৈ বানাক্ৰান্তৰ মাজত সাহায্য বিতৰণ কৰে। গ্লোবেল ইনষ্টিউটৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলে ব্যক্তিগতভাৱে দান-বৰঙণি আগবঢ়াই বানাক্ৰান্তলৈ সাহায্য আগবঢ়াইছে।

গ্লোবেল ইনষ্টিউটৰ ছাত্ৰসকলে টুলুঙা নাৱেৰে প্ৰায় দুশ বানাক্ৰান্ত পৰিয়ালৰ ঘৰে ঘৰে চাউল, দালি, নিমখ, খোৱাপানী আদি বিতৰণ কৰে। বানাক্ৰান্ত পৰিয়ালসমূহলৈ সাহায্য বিতৰণত ''আলিফা'' চিনেমাৰ অভিনেত্ৰী পাকিজা হাচমিয়ে কয় যে বানত আক্ৰান্ত মানুহৰ পৰিস্থিতি সঁচাকৈ অত্যন্ত হৃদয়বিদাৰক।

এই ক্ষেত্ৰত চৰকাৰৰ লগতে স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰী, শিল্পী, কলা কৌশলী, আৰ্থিকভাৱে স্বাৱলম্বী লোককো বানত বিপদগ্ৰস্ত লোকৰ ওচৰত থিয় দিবলৈ আহ্বান জনায়। অভিনেত্ৰীগৰাকীয়ে বানাক্ৰান্ত ৰাইজৰ পৰিস্থিতিৰ বুজ লোৱা আৰু গ্লোবেল ইনষ্টিউটৰ পৰিচালনা সমিতিৰ কাৰ্যবাহী সঞ্চালক আশ্ৰফ আলী, ছাত্ৰ-ছাত্ৰীৰ মানৱ দৰদী পদক্ষেপক ৰাইজে ভূয়সী প্ৰশংসা কৰা দেখা গৈছে। উক্ত সাহায্য বিতৰণত পালহাজি আঞ্চলিক কলেজৰ অধ্যক্ষ মজিবুৰ ৰহমান, ৰছুলপুৰৰ সমাজ কৰ্মী নুৰুল হক, স্বচ্ছগ্ৰাহী আবিদা খাতুনে সহযোগ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।