বানপীড়িতক ভাত ৰান্ধি খুওৱা কাৰ্যসূচী কাচাৰ

 07/19/2019 - 18:04

জনীয়াঃ ৰাষ্ট্ৰীয় পৰ্যায়ৰ বেচৰকাৰী সংগঠন কাচাৰ সৌজন্যত আৰু জনীয়াৰ অন্যতম ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত এনজিঅ’ আঞ্চলিক গ্ৰামোন্নয়ন পৰিষদৰ সহযোগত বানাক্ৰান্ত লোকক ভাত ৰান্ধি খুওৱা কাৰ্যসূচী হাতত লৈছে।

বৃহস্পতিবাৰৰ পৰা শুভাৰম্ভ হোৱা উক্ত কাৰ্যসূচীৰ জৰিয়তে প্ৰতিদিন এসাজকৈ ছনপুৰা আৰু শওপুৰ শিবিৰত থকা চাৰিশ লোকক সাত দিন খুওৱা হ’ব বুলি জনীয়া আঞ্চলিক গ্ৰামোন্নয়ন পৰিষদৰ সম্পাদক আব্দুল মালিকে জনাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।