পল্লৱ লোচন দাসক প্ৰাৰ্থিত্ব প্ৰদানত ক্ষোভিত তেজপুৰবাসী

 03/25/2019 - 15:17

বিহালীঃ ২০১৯ লোকসভা নিৰ্বাচনত তেজপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী হিচাপে বিজেপিৰ দলে ৰাজ্যৰ অন্যতম বিফল মন্ত্ৰী হিচাপে পৰিচিত পল্লৱ লোচন দাসক প্ৰাৰ্থিত্ব প্ৰদান কৰা কাৰ্যক সহজভাৱে ল’ব পৰা নাই তেজপুৰ সংসদীয় সমষ্টিৰ একাংশ ৰাইজে।

পোন প্ৰথমবাৰৰ বাবে বিহালী বিধান সভা সমষ্টিৰপৰা ৰাজনৈতিক জীৱনৰ খাতা খোলা পল্লৱে বিহালীবাসীক বহু লাঞ্ছিত-বঞ্চিত, প্ৰতাৰণা কৰাৰ উদাহৰণ সৰ্বজনবিদিত। সেয়েহে দাসক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তেজপুৰ সংসদীয় সমষ্টিবাসীয়ে।

হাইস্কুল শিক্ষান্ত পৰীক্ষাত সন্তোষজনক ফলাফল দেখুৱাব নোৱাৰা ৰাজ্যৰ একাংশ বিদ্যালয় প্ৰধানক দিছপুৰত মাতি নি তাচ্ছিল্যসূচক মন্তব্য, অপমান কৰা সময়ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সংগ দি দাঁত নিকটাই হাঁহি মাৰি হাঁহিৰাম মন্ত্ৰী’ হিচাপে খ্যাত হোৱা পল্লৱ লোচন দাসক যোগ্য প্ৰত্যুত্তৰ দিবলৈ সাজু হৈ আছে তেজপুৰ সংসদীয় সমষ্টিৰ একাংশ ৰাইজ।

বিহালী সমষ্টিৰ বালিপুখুৰীত তেওঁৰ কাৰ্যকালতে স্থাপন কৰা আই টি আই কলেজখনো মুকলি কৰাত ব্যৰ্থ হোৱা পল্লৱ লোচন দাসক লৈ ক্ষোভিত হৈ আছে তেজপুৰৰ জনতা। কেৱল ইমানেই নহয় ৰাইজৰ উন্নয়নক পিঠি দি ব্যক্তিগত স্বাৰ্থক অগ্ৰাধিকাৰ দিয়া বিফল মন্ত্ৰী দাসৰ পূৰ্বৰ কৰ্মকাণ্ডই প্ৰমাণ কৰে যে তেওঁ আচলতে সমষ্টিৰ উন্নয়নৰ প্ৰতি কিমান দায়বদ্ধ?

বিধায়ক হিচাপে নিৰ্বাচিত হোৱা দিনৰে পৰাই ৰাইজৰ দুখ-দুৰ্দশাৰ কথা বুজি নোপোৱা পল্লৱ লোচন দাসে সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পিছত ৰাইজৰ সমস্যাক কিমান গুৰুত্ব প্ৰদান কৰিব তাক লৈ সন্দিহান তেজপুৰৰ ৰাইজ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।