বৰ্ন্যাতৰ স্বাস্থ্যক লৈ হেতালি বৰপেটা জনস্বাস্থ্য বিভাগৰ

 07/19/2019 - 18:47

বৰপেটাঃ বৰপেটা জিলা জনসাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্য্যবাহী অভিযন্তা বৰপেটা সংমণ্ডল আৰু এচাম ঠিকাদাৰ দালালৰ দুৰ্নীতি পৰায়ণ মনোভাৱৰ বাবে বৰপেটা জিলাৰ বৰ্ন্যাতসকলৰ স্বাস্থ্যৰ প্ৰতি আহি পৰিছে তীব্ৰ ভাবুকি। একাংশ দালাল প্ৰকৃতিৰ ঠিকাদাৰে শিবিৰসমূহত দমকল বহুৱাৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উঠিছে।

চহৰৰ সুন্দৰীদিয়া আৰু ২২ নং ৱাৰ্ডত মাথোঁ দহ ফুট পাইপেৰে দমকল বহুৱায়। যাৰ ফলত এই দমকলসমূহেৰে পানীৰ পৰিৱৰ্তে নিগৰিছে বোকা। জনৈক দাস নামৰ এজন ঠিকাদাৰে চানোৱাৰ মোল্লা নামৰ এজন দালালক উক্ত দমকল বহুৱা কামৰ দায়িত্ব অৰ্পণ কৰে।

বৰপেটাৰ বিশিষ্ট সমাজ কৰ্মী অমৰেন্দ্ৰ দাস আৰু হৰেকৃষ্ণ তালুকদাৰে বৰপেটা চহৰৰ প্ৰতিটো শিবিৰত গৈ বৰপেটা জনসাস্থ্য কাৰিকৰী বিভাগৰ এই অনিয়ম ধৰা পেলাবলৈ সক্ষম হয়। দুৰ্নীতিৰ লগত আপোচ নকৰা তথা শূন্য সহনশীলতাৰ কথা কোৱা সোণোৱাল চৰকাৰে এই সকল দুৰ্নীতি পৰায়ন বিষয়া ঠিকাদাৰৰ বিৰুদ্ধে ব্যৱস্থা ল’ব নে বুলি ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।