সপোনত ৰূপজ্যোতিক বিজেপিলৈ যোৱাত বাধা প্ৰয়াত মাতৃৰ

 07/19/2019 - 19:12

মৰিয়নীঃ মৰিয়নীত বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে মৰিয়নীৰ ক্ৰীড়া সন্থাৰ কাৰ্যালয়ত এক সংবাদমেলৰ আয়োজন কৰে। কিছুদিন আগতে মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে বিজেপিত যোগদানৰ কথা ব্যাপকৰূপে প্ৰচাৰ হোৱাত মৰিয়নীবাসী ৰাইজৰ লগতে কংগ্ৰেছ আৰু বিজেপিৰ মাজত ব্যাপক চৰ্চ্চা হৈছিল। সংবাদমেলযোগে বিজেপি গমন নকৰাৰ কথা স্পষ্ট কৰে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে।

ৰূপজ্যোতি কুৰ্মীয়ে কয় যে সপোনত বিধায়ক কুৰ্মীৰ মাতৃ প্ৰয়াত ৰূপম কুৰ্মীয়ে দেখা দি বিজেপি গমনত ৰূপজ্যোতি কুৰ্মীক বাধা প্ৰদান কৰে। সপোনত পোৱা মাতৃৰ আদেশ শিৰোধাৰ্য কৰি অৱশেষত গেৰুৱা নোহোৱাৰ সিদ্বান্ত ল’লে বিধায়ক কুৰ্মীয়ে। প্ৰয়াত মাতৃয়েও সপোনত ৰূপজ্যোতিক বাধা দিয়াত ছিণ্ডিকেট, নাৰী কেলেংকাৰী, সাৰদা কেলেংকাৰীৰ সৈতে জড়িত বিজেপি দললৈ যোৱাৰ প্ৰশ্নই উঠিব নোৱাৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।