মৰিয়নীত সক্ৰিয় আন্তঃৰাজ্যিক গৰু চুৰি চক্ৰঃ নাগিনীজানত নগা চোৰ কৰায়ত্ত 

 07/19/2019 - 19:24

মৰিয়নীঃ শাওনৰ পথাৰত চহা খেতিয়কৰ ব্যস্ততা বৃদ্ধি পোৱাৰ সময়তে গোহালিৰ পৰা হালৰ গৰু চুৰি হোৱা কাৰ্যই বিপাঙত পেলাইছে মৰিয়নীৰ অসম নগালেণ্ড সীমান্তৱৰ্তী খেতিয়কসকলক। মৰিয়নীৰ দেৱেৰাপাৰ আৰক্ষী চকীৰ অন্তৰ্গত অসম নগালেণ্ড সীমান্তৱৰ্তী অঞ্চলসমূহত সম্প্ৰতি সক্ৰিয় হৈ পৰিছে এটা কুখ্যাত গৰু চুৰি চক্ৰ। বৃহস্পতিবাৰে নিশা নাগিনীজান চাহ বাগিছাৰ তিৰুহিলছ বস্তিৰ ধ্ৰুৱ নায়ক নামৰ ব্যক্তিজনৰ গোহালিৰ পৰা হালৰ এটা গৰু চুৰ কৰিবলৈ লোৱা অৱস্থাত গাঁওৰক্ষী বাহিনীয়ে এটা নগা চোৰ কৰায়ত্ত কৰিবলৈ সক্ষম হয়।

চোৰটোৱে নিজকে নগালেণ্ডৰ লেমেন বস্তিৰ চুবা চাংমাং ৱালিং বুলি পৰিচয় দিয়ে। আনহাতে নগা চোৰটোৰ স্বীকাৰোত্তিৰ ভিত্তিত নাগিনীজান চাহ বাগিছাৰ চুক্ৰু কাৰ্জী নামৰ আন এটা গৰু চোৰক ৰাইজে ধৰিবলৈ সক্ষম হয়। আনহাতে ৰাইজে চোৰ দুটাক উত্তম মধ্যম শুধাই আৰক্ষীক চমজায় দিয়ে। ৰাইজে জামাল আহমেদ নামৰ চুৰি গৰু ক্ৰয় কৰা ব্যৱসায়ী এটাকো কৰায়ত্ত কৰি আৰক্ষীক চমজায় দিয়ে। 

আনহাতে এই চুৰি চক্ৰটোৱে নগালেণ্ডত বিক্ৰী কৰি আহিছে। এই গৰু চুৰি চক্ৰটো উৎখাত কৰিবলৈ আটছা আৰু আছুৰ নকছাৰী আঞ্চলিক সমিতিয়ে আৰক্ষী প্ৰশাসনক দাবী জনাইছে। অসম নগালেণ্ড সীমান্তত সক্ৰিয় হৈ থকা আন্তঃৰাজিক গাড়ী চুৰি চক্ৰটো উৎখাত কৰা ক্ষেত্ৰত অসম আৰক্ষী কিমান সফল হয় সেইয়া লক্ষনীয় হ’ব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।