নলবাৰীত হাতে লুটে ধৰে চোৰক

 07/19/2019 - 19:31

নলবাৰীঃ নলবাৰী আৰক্ষীৰ নিষ্ক্ৰিয়তাৰ সুযোগ লৈ দিনে ইটোৰ পিছত সিটো সংঘটিত হৈছে চুৰি, ডকাইতিৰ ঘটনা। আজিও নলবাৰী জানোপাৰৰ নাজিৰ আলিয়ে ভাৰতীয় ষ্টেট বেংক নলবাৰী শাখাৰ পৰা আঢ়ৈ লাখ টকা উলিয়াই নি থকাৰ সময়তে নলবাৰীৰ নাগেৰাৰ চকত কোচবিহাৰৰ দুই যুৱকে নাজিৰ আলীৰ পৰা আঢ়ৈ লাখ টকা লুট কৰিবলৈ চেষ্টা কৰাৰ সময়তে এজনক হাতে লুটে ধৰে যদিও আনজন পলায়ন কৰিবলৈ সক্ষম হয়। ইপিনে ধৃত যুৱকজনক ৰাইজে গণপ্ৰহাৰ দি নলবাৰী আৰক্ষীক গতাই দিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।