বানত পৰি মৃত্যু হোৱা ভৱানীপুৰৰ যুৱকৰ বাসগৃহত ৰঞ্জিত দাস

 07/19/2019 - 20:06

বজালীঃ বজালীৰ ভৱানীপুৰত আজি বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে বানত উটি যোৱা যুৱক সীমান্ত দাসৰ বাসগৃহত উপস্থিত হৈ মৃতকৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। লগতে সীমান্তৰ মাতৃৰ হাতত অসম চৰকাৰৰ তৰফৰ পৰা দিয়া ১ লাখ টকাৰ চেক এখন অৰ্পন কৰে আৰু পৰ্যায়ক্ৰমে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা ৫ লাখ টকা প্ৰদান কৰিব বুলি অবগত কৰে।

উল্লেখ্য যে প্ৰয়াত সীমান্ত দাসৰ বাসগৃহত উপস্থিত থাকে বৰপেটা জিলাৰ উপায়ুক্ত মুনিন্দ্ৰ শৰ্মা, বজালী বিজেপিৰ সভাপতি ফনী পাঠক। উল্লেখযোগ্য যে সীমান্ত দাস যোৱা ১৩ জুলাইত ভৱানীপুৰত বানৰ সোঁতত উটি গৈ মৃত্যু ঘটিছিল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।