07/19/2019 - 20:11
in
হোজাইঃ হোজাই জিলা উপায়ুক্ত কাৰ্যালয়ৰ চৌহদ শুকুৰবাৰে তীব্ৰ প্ৰতিবাদত উত্তাল হৈ পৰে৷ সন্মিলিত কাৰ্বি আংলং জিলা ছাত্ৰ পৰিষদৰ লগতে আছুসহ কেইবাটাও দল সংগঠনে সাব্যস্ত কৰে এই প্ৰতিবাদ৷ ২ জুলাইত হোজাইৰ দেৱস্থানত সংঘটিত হোৱা মাধৱ মালাকাৰৰ হত্যাকাণ্ডৰ ন্যায় বিচাৰি এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে দল সংগঠনসমূহে৷
হোজাই উপায়ুক্তৰ ওচৰত হত্যাকাৰীক শাস্তি প্ৰদানৰ দাবীৰ লগতে মাধৱ মালাকাৰৰ পৰিয়ালক ক্ষতিপূৰণ প্ৰদানৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰি উপাযুক্তক এক স্মাৰকপত্ৰ প্ৰদান কৰে৷ উল্লেখ্য যে ২ জুলাইত কাৰ্বি আংলং জিলাৰ হাওৰাঘাট নিবাসী মাধৱ মালাকাৰ নামৰ ব্যৱসায়ী এজনক হোজাই জিলাৰ দেৱস্থানত নিজৰ দোকানৰ ভিতৰতে নৃশংসভাৱে ডিঙি কাটি হত্যা কৰিছিল দুৰ্বৃত্তই৷