ৰহাত ব্লক কংগ্ৰেছৰ উদ্যোগত বান বিধ্বস্ত এলেকাত খাদ্য সামগ্ৰী বিতৰণ

 07/19/2019 - 20:20

ৰহাঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ৰহাতো প্ৰলয়ংকৰী বানে চলাইছে তাণ্ডৱ৷ ৰহা সমষ্টিৰ অন্তৰ্গত বিভিন্ন স্থানত বানে পলকতে খেতি, ঘৰ-মাটিকে আদি কৰি বিধ্বস্ত কৰি গ’ল সকলো৷ সমষ্টিটোৰ ভিন্ন প্ৰান্তৰ লগতে মাগুৰগাঁও, আমতলা, কমাৰগাঁও, প্ৰমিলা আদি পঞ্চায়তত বৰ্তমানো প্ৰায় ৯০ শতাংশ অঞ্চল জলমগ্ন হৈ আছে৷ বহিঃবিশ্বৰ সৈতে যোগাযোগ প্ৰায় বিচ্ছিন্ন হোৱা অঞ্চলটোৰ বানাক্ৰান্তসকলে বৰ্তমান কটাইছে এক দুৰ্বিষহ জীৱন৷

এটুপি বিশুদ্ধ খোৱাপানী, এমুঠি খাদ্যৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে বানাক্ৰান্তসকলে৷ প্ৰায় এটা সপ্তাহ বানত ককবকাই থকাৰ পাছতো বানাক্ৰান্তসকলে প্ৰশাসনৰ চূড়ান্ত হেমাহীত আজিলৈকে একো চৰকাৰী বান সাহায্য নোপোৱাৰ অভিযোগ উঠাৰ সময়তে আজি বন্যাৰ্তসকলৰ মাজত ৰহা ব্লক কংগ্ৰেছে ৰহা সমষ্টি যুৱ কংগ্ৰেছৰ সহযোগত বানাক্ৰান্তসকলক বিতৰণ কৰিলে বান সাহায্য৷

আজি ৰহা ব্লক কংগ্ৰেছৰ উদ্যোগত তথা এপিচিচিৰ সদস্য শশীকান্ত দাসৰ নেতৃত্বত বানাক্ৰান্তসকলৰ শিবিৰত চাউল, দাইল, খোৱা তেল, নিমখ, পানী, চিৰা আদি বিতৰন কৰে৷ আজিৰ এই বান সাহায্য বিতৰণ কাৰ্যসূচীত অংশ লয় ৰহা ব্লক কংগ্ৰেছৰ সভাপতি আব্দুল কৰিম, নগাঁও জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক দিব্যজ্যোতি বৰা, ৰহাৰ জ্যেষ্ঠ কংগ্ৰেছ নেতা মাইনুল হক, ৰহা সমষ্টি যুৱ কংগ্ৰেছৰ কেইবাজনো বিষয়ববীয়াৰ লগতে শতাধিক কংগ্ৰেছ কৰ্মীয়ে৷ উল্লেখ্য যে এটা দিন পূৰ্বে বানাক্ৰান্ত অঞ্চলসমূহ পৰিদৰ্শন কৰিছিল প্ৰাক্তন মন্ত্ৰী তথা বিৰোধী দলৰ উপ দলপতি ৰকিবুল হুছেইনে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।