বকোঃ কামৰূপ গ্ৰাম্য জিলাৰ ছমৰীয়া আৰু নগৰবেৰা ৰাজহ চক্ৰৰ অন্তৰ্গত বৰুৱা বালিঝাৰ, চাকলা, মালিবাৰী, জামলাই আদি গাঁওসমূহ বানপানীত জলমগ্ন হোৱাৰ পাছত আজি কিছু পৰিমানে হ্ৰাস হৈছে বান পৰিস্থিতি। বকো বিধান সভা সমষ্টিৰ অন্তৰ্গত ৫৪ নং বৰুৱাগাঁও গাঁও পঞ্চায়তৰ গাঁওসমূহৰ লগতে নগৰবেৰা জামলাই আদিৰ সকলো গাঁও বৰ্তমানেও পানীত ডুব গৈ আছে৷
গাঁওসমূহৰ প্ৰতিটো পৰিয়ালে এতিয়া বিদ্যালয় অথবা পথৰ কাষত চালি নিৰ্মাণ কৰি আশ্ৰয় গ্ৰহণ কৰিছে৷ সমান্তৰালকৈ বন্যাৰ্তসকলৰ পশুধনসমূহো ওখ স্থানত ৰাখিছে৷ উল্লেখ্য যে এই ওভতনি পানীয়ে প্ৰতিটো পৰিয়ালৰ ঘৰ-দুৱাৰ, কৃষিভূমি জলমগ্ন হোৱাৰ সমান্তৰালকৈ অঞ্চলটোৰ কেইবাটাও পথ জলমগ্ন হৈছে। পথকেইটাৰ ওপৰেৰে বৰ্তমান পানী বাগৰি থকাত অঞ্চলটোৰ একাংশত যোগাযোগ এক প্ৰকাৰ বিছিন্ন হৈ আছে৷
সমগ্ৰ অঞ্চল নদীৰ বাঢ়নী পানীত জলমগ্ন হৈছে যদিও চৰকাৰ তথা প্ৰশাসনে এতিয়া লৈকে লোৱা নাই কোনো পদক্ষেপ৷ লগতে পৰ্যাপ্ত পৰিমানৰ খাদ্য সামগ্ৰী যোগান নধৰাৰ অভিযোগ কৰিছে বন্যাৰ্তসকলে। বিশেষকৈ পশুধনৰ খাদ্যৰ অভাৱে বাৰুকৈয়ে চিন্তিত কৰি তুলিছে ৰাইজক৷ চৰকাৰ, প্ৰশাসন তথা স্থানীয় বিধায়িকাৰ নিৰ্লিপ্ত হৈ থকাত ৰাইজ ক্ষোভিত হৈ পৰিছে।