বিশ্বনাথৰ বানাক্ৰান্তক সহায়ৰ হাত আগবঢ়ালে হোটেল ৰয়েল পেলেছে

 07/19/2019 - 21:18

বিহালীঃ ৰাজ্যৰ সৰ্বত্ৰে এতিয়া বানৰ তাণ্ডৱ। বানপানীৰ ফলত এতিয়া লাখ লাখ লোক গৃহহীন হৈ পৰিছে। খাদ্যৰ অভাৱত এতিয়া বহু বানাক্ৰান্তই লঘোনে ভোকে দিন কটাবলগীয়া হৈছে। জিলা প্ৰশাসনে আশ্ৰয় শিৱিৰ পাতি বানাক্ৰান্তসকলক খাদ্যৰ যোগান ধৰিছে যদিও আশ্ৰয় শিৱিৰত নথকা অতি দৰিদ্ৰ বানাক্ৰান্তসকলে এতিয়াও চৰকাৰী খাদ্য পোৱা নাই।

আনকি নিত্য ব্যৱহাৰ্য বহু সামগ্ৰীও পোৱা নাই বানাক্ৰান্তসকলে। যাৰ বাবে এতিয়া মানৱ দৰদী বহু ব্যক্তি তথা বিভিন্ন দল সংগঠন আগবাঢ়ি আহিছে উক্ত বানাক্ৰান্তসকলক সহায় কৰিবলৈ। যোগান ধৰিছে খাদ্য, দিছে মহিলাসকলৰ বাবে প্ৰয়োজনীয় চেনিটেৰী নেপকিন। বিশ্বনাথৰ হোটেল ৰয়েল পেলেচে আজি বিহালী বিধান সভা সমষ্টিৰ অন্তৰ্গত বাঘমাৰী, খেৰবাৰী আদি অঞ্চলৰ আশ্ৰয় শিৱিৰত নথকা বানাক্ৰান্তসকলক বিতৰণ কৰে খাদ্য সামগ্ৰী।

বাঘমাৰীৰ এম আৰ এ ছিনিয়ৰ মাদ্ৰাছাত হোটেল ৰয়েল পেলেচৰ স্বত্বাধিকাৰী জয়ন্ত বৰা নিজেই উপস্থিত থাকি বানাক্ৰান্তসকলক ছয়াবিন, বিস্কুটৰ লগতে অতি প্ৰয়োজনীয় ডেটল, ফেনাইল, চাবোন, আঠুৱা, ব্লিচিং পাউদাৰৰ লগতে মহিলাসকলক চেনিটেৰী নেপকিন বিতৰণ কৰে। আনহাতে এনে ধৰণৰ সামগ্ৰী লাভ কৰি আনন্দিত হৈ পৰিছে বানাক্ৰান্তসকল। চেনিটেৰী নেপকিন তথা ডেটল ফেনাইলৰ দৰে সামগ্ৰী আজিলৈকে পোৱা নাই বুলিও মন্তব্য কৰে বানাক্ৰান্তসকলে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।