বানৰ বিভীষিকাত মৃত্যুৰ সংখ্যা ৪৮ লৈ বৃদ্ধি

 07/20/2019 - 12:29

ডিজিটেল ডেস্কঃ ৰ’দৰ ফলত ৰাজ্যত জলপৃষ্ঠৰ স্তৰ কমিছে যদিও বানীপানীৰ ফলত মৃত্যু হোৱা মানুহৰ সংখ্যা কমা নাই।বৰ্তমানলৈকে ৰাজ্যত বানত প্ৰাণ হেৰুৱা লোকৰ সংখ্যা ৪৮ গৰাকীলৈ বৃদ্ধি পাইছে। পুনৰ বানত প্ৰাণ হেৰুৱালে জাগীৰোডৰ এজন লোকে।

পুখুৰীত মাছ মাৰিবলৈ যাওতে কৰুণ মৃত্যুক সাৱটি লোৱা লোকজন হ’ল জাগীৰোডৰ নেলী কুমাৰবড়ীৰ মাধৱ ৰায়। বানত বুৰ গৈ থকা পুখুৰীটোত মাছ চাবলৈ বুলি যোৱা অৱস্থাতে মৃত্যুক সাৱটি লয় ৰয়ে। এই ঘটনাই অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।