কংগ্ৰেছ দলে অসমত এখনো আসন লাভ নকৰেঃ সৰ্বানন্দ সোণোৱাল

 03/25/2019 - 16:36

বৰপেটাঃ সমাগত লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলে অসমত এখনো আসন লাভ নকৰে বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

বৰপেটা ভ্ৰমণ কৰি জিলা বিজেপিৰ কাৰ্যালয়ত দেওবাৰে এক ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল৷ এই বৈঠকৰ পাছত সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে সমাগত লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলে অসমত এখনো আসন লাভ নকৰে৷

লোকসভা নিৰ্বাচন সন্দৰ্ভত বিজেপি দলৰ কৰ্মীসকলৰ সৈতে অনুষ্ঠিত হোৱা গুৰুত্বপূৰ্ণ মত বিনিময়ত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, সমাগত লোকসভাৰ নিৰ্বাচনত ৰাজ্যৰ ১৪ খন আসনৰ ১২ খন আসন বিজেপি আৰু মিত্ৰ দলে লাভ কৰিব৷

কংগ্ৰেছ ইউডিএফৰ মিত্ৰতাৰ প্ৰসংগত তেওঁ কয় যে, কংগ্ৰেছ দলে ইউডিএফ-ৰ সৈতে মিত্ৰতা কৰিলেও দলটো শূন্যৰ ঘৰত থাকিব৷ উল্লেখ্য যে, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে হেলিকপ্টাৰ যোগে বৰপেটালৈ আহে৷ ৬ নং বৰপেটা লোকসভাৰ আসনখনত বিজেপিৰ মিত্ৰদল অগপ প্ৰাৰ্থীগৰাকীৰ জয় নিশ্চিত কৰাৰ বাবে কাম কৰাৰ বাবে কৰ্মীসকলক আহ্বান জনায়

মুখ্যমন্ত্ৰীগৰাকীয়ে৷ বৈঠকত ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ দাস, বৰক্ষেত্ৰীৰ বিধায়ক নাৰায়ণ ডেকা, অসম বিত্তীয় নিগমৰ অধ্যক্ষ অনিল দাস, অসম ঔদ্যোগিক নিগমৰ উপাধ্যক্ষ জিতু তালুকদাৰ, জিলা বিজেপিৰ সভাপতি শংকৰ চন্দ্ৰ দাসৰ লগতে অন্যান্য নেতা উপস্থিত থাকে৷ বৈঠকৰ পাছত মুখ্যমন্ত্ৰী গৰাকীয়ে বৰপেটা সত্ৰও পৰিদৰ্শন কৰে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।