বোকাজানঃ কাৰ্বি আংলঙত অব্যাহত আছে বন ধ্বংসযজ্ঞ। বোকাজান মহকুমাৰ চিলনিজানত অবৈধ ভাৱে খনন কাৰ্য্য এতিয়াও অব্যাহত। আৰক্ষী প্ৰশাসনক বুঢ়া আঙুলি প্ৰদৰ্শন কৰি কয়লা মাফিয়াৰ দপদপনি। যোৱা ১২ জুলাইত বোকাজানৰ বিধায়ক নোমল মমিন, খনিজ আৰু খনিজাত সম্পদৰ মন্ত্ৰী চুম ৰংহাঙে চিলনীজান কয়লা খনন স্থানত আকস্মিকভাৱে উপস্থিত হৈ সম্পূৰ্ণ অবৈধ বুলি মন্তব্য কৰিছিল যদিও এটা সপ্তাহৰ ভিতৰতে পুনৰ আৰম্ভ হৈছে অবৈধ খনন কাৰ্য্য।
কিন্তু আকৌ গা লৈ উঠিছে কয়লাৰ কলা মাফিয়া। শুকুৰবাৰে নিশা বোকাজান আৰক্ষীয়ে দুখন অবৈধ কয়লাভৰ্তি ট্ৰাক জব্দ কৰা ঘটনাই চিলনীজানত যে অবৈধ কয়লা খনন কাৰ্য পুনৰ পুৰ্ণগতিত অব্যাহত আছে তাকে প্ৰমাণ কৰিলে৷ এতিয়া প্ৰত্যেক দিনাই এনে অবৈধ কয়লা সৰবৰাহ কৰা হৈছে বহিঃৰাজ্যলৈ। কাৰ ছত্ৰ ছায়াত পুনৰ খনন কাৰ্য্য অব্যাহত ৰাখিছে এই সমূহ কয়লা মাফিয়াই সেই কথা এতিয়ালৈকে স্পষ্ট হোৱা নাই।
ইতিমধ্যে সাংবাদিকে সোধ পোছ কৰাত থ'মাছ নামৰ এটা কয়লা মাফিয়াৰ নাম ইতিমধ্যে পোহৰলৈ আহিছে। ট্ৰাকৰ চালকে থমাছ নামৰ কয়লা মাফিয়াটো জড়িত আছে বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰিছে। কিন্তু আৰক্ষীয়ে বিষয়তো গুৰুত্ব সহকাৰে নোলোৱাত ৰহস্যৰ সৃষ্টি হৈছে।