নলবাৰীত বান সাহায্যৰ চাউল, দাইল, তেল হৰলুকি বিজেপিৰ নেতা আৰু গাওঁবুঢ়াৰ

 07/20/2019 - 14:59

নলবাৰীঃ আজিও বানত ডুবি আছে নলবাৰীৰ বহু গাঁও। বানত ককবকাইছে গঞা। বানাক্ৰান্তক প্ৰশাসনৰ পৰা দিয়া হৈছে যৎকিঞ্চিত বান সাহায্য। পিছে এই বানাক্ৰান্তসকলক দিয়া যৎকিঞ্ছিত বান সাহায্যতো শেনচকু বিজেপিৰ পালিনেতা আৰু গাওঁবুঢ়াৰ। নলবাৰীৰ নমাটিত সংঘটিত হ’ল বানসাহায্যৰ চাউল হৰলুকি কাণ্ড।

অভিযোগ মতে বিজেপিৰ বুথ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱা, কিশোৰ ৰাজবংশী আৰু গাওঁবুঢ়া শ্ৰীকান্ত ৰাজবংশীয়ে বানাক্ৰান্ত ৰাইজৰ নামত অহা বান সাহায্যৰ চাউল দাইল আৰু তেল আত্মসাৎ কৰিছে। ৰাইজৰ মাজত বান সাহায্যৰ চাউল দাইল আৰু তেল কমকৈ বিতৰণ কৰি অৱশিষ্টখিনি এই তিনিওগৰাকী লোকে ভগাই লয়।

বানাক্ৰান্ত ৰাইজে পিছত এওঁলোকৰ ঘৰৰ পৰা এই বান সাহায্যৰ চাউল দাইল আৰু তেলখিনি উদ্ধাৰ কৰি চক্ৰ বিষয়াক জমা দিয়ে। পিছে ঘটনা ইমানতে অন্ত নপৰিল। ঘটনা গৈ পালে নলবাৰী সদৰ থানা। অভিযুক্ত তিনিওজনে ৰাইজৰ কেইজনমান লোকৰ বিৰুদ্ধে সদৰ থানাত তৰিলে গোচৰ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।