শ্ৰীলংকাৰ নৌসেনাই আটক কৰিছে ভাৰতীয় মাছমৰীয়াক

 03/25/2019 - 16:48

ডিজিটেল ডেস্কঃ ভাৰত-শ্ৰীলংকা সাগৰীয় সীমান্তত আটক হৈছে ১১ জন ভাৰতীয় মাছমৰীয়া। দেওবাৰে পুৱা সাগৰত মাছ মাৰিবলৈ গৈ দুৰ্ভাগ্যবশতঃ শ্ৰীলংকা সাগৰীয় সীমান্তত প্ৰৱেশ কৰিছিল মাছমৰীয়া কেইজনে।

প্ৰৱেশৰ পাছতেই শ্ৰীলংকাৰ নৌসেনাই আটক কৰে মাছমৰীয়া কেইজনক। বৰ্তমান কাৰিনগৰ নৌসেনা চাউনীত মাছমৰীয়া কেইজনক সোধ পোছ অব্যাহত ৰাখিছে শ্ৰীলংকাৰ নৌসেনাই। তেওঁলোকক মুকলি কৰি আনিবলৈ চৰকাৰক অনুৰোধ জনাইছে মাছমৰীয়া কেইজনৰ পৰিয়ালৰ লোকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.