নকছাৰিবাসীৰ উদ্যোগত প্ৰয়াস আৰু অনুভূতিৰ সহযোগত বানাক্ৰান্তলৈ সহায়ৰ হাত

 07/20/2019 - 15:18

মৰিয়নীঃ মানুহে মানুহৰ বাবে ড° ভূপেন হাজৰিকাৰ সেই কালজয়ী গীতৰ কলিৰে বানাক্ৰান্ত এলেকাৰ লোকক অকণমান সহায় কৰিবলৈ বুলি আগবাঢ়ি আহিল নকছাৰিৰ সচেতন ৰাইজৰ সহযোগত প্ৰয়াস আৰু অনুভূতি নামৰ দুটা বেচৰকাৰী সংগঠন। ৰাজ্যত ব্ৰহ্মপুত্ৰৰ লগতে সৰু ডাঙৰ কেইবাখনো নদীৰ বলিয়া বানে বিভীষিকা সৃষ্টি কৰিলে৷

ফলত বহু লোক আশ্ৰয়হীন হ’ল। সেই আশ্ৰয়হীন বানাক্ৰান্তৰ সহায়ৰ বাবে ড° ভূপেন হাজৰিকাৰ গান গাই নকছাৰিৰ কেইজনমান আগৰণুৱা যুৱক-যুৱতীৰ একক প্ৰচেষ্টাত কাজিৰঙাৰ চাৰিটা বান শিবিৰ কুঠৰী, সাৰমটি, কাজিৰঙাৰ উচ্চ মাধ্যমিক বিদ্যালয় আৰু হাতীখুলীত নকছাৰিৰ পৰা যোৱা দলটোৱে প্ৰয়োজনীয় কিছু সামগ্ৰী সাহায্য প্ৰদান কৰে৷

প্ৰয়াস আৰু অনুভূতি নামৰ দুটা বেচৰকাৰী সংগঠনে আজি বানাক্ৰান্ত এলেকাত বিতৰণ কৰিলে চাউল, দাইল, পানীৰ লগতে নতুন পুৰণা কাপোৰ, ঔষধ, পাঠপুথি চেনিটেৰী পেড আদি। পানী কমিলেও ৰাজ্যৰ বান শিবিৰসমূহত আজিও হাহাকাৰ হৈ আছে শিবিৰসমূহত। বিশুদ্ধ খোৱা পানীৰ অভাৱত অপৰিষ্কাৰ নদীৰ পানীকে সেৱন কৰিছে দুৰ্ভগীয়া লোকে।

জীৱ-জন্তুৰ সৈতে সহাৱস্থান কৰি কদৰ্যময় পৰিৱেশৰ মাজত কাজিৰঙাৰ বৃহৎ বান শিবিৰত ককবকাইছে বন্যাৰ্তই।কিন্তু আজিলৈ বান শিবিৰসমূহত পৰ্যাপ্ত পৰিমাণে চৰকাৰে যোগান ধৰিব পৰা নাই খাদ্য সামগ্ৰী, কাপোৰ জীৱ-জন্তুৰ খাদ্য৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।