মিষ্টাৰ কিড ইণ্টাৰনেচনেল ইউনিভাৰ্ছ ২০১৯ খিতাপ লাভ নিলাভৰঃ বৰপথাৰত সম্বর্ধনা দল-সংগঠনৰ

 07/20/2019 - 15:27

সৰুপথাৰঃ গুৱাহাটীৰ আই টি এ মাছখোৱাত ৭ জুলাইত গামোচা মেগা এণ্টাটেইনমেণ্ট প্ৰাইভেট লিমিটেডে আয়োজন কৰা ইণ্ডিয়া ইণ্টাৰনেচনেল ষ্টাৰ আইকন ছিজন-৩ ত কিড্‌ছ কেটেগৰিত মিষ্টাৰ কিড ইণ্টাৰনেচনেল ইউনিভাৰ্ছ ২০১৯ লাভ কৰা বৰপথাৰৰ নিলাভ বৰাক শুকুৰবাৰে বৰপথাৰত ৰাজহুৱা সম্বর্ধনা জনাই আছুকে ধৰি ৯ টা সংগঠনে।

উল্লেখ্য যে অসম মণিপুৰ, নাগালেণ্ড, টিপুৰা, পশ্চিমবংগ উৰিষ্যাকে ধৰি বহুকেইখন ৰাজ্যৰ প্ৰায় শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনত মুঠ আঠটা ৰাউণ্ডৰ অন্তত ঘোষণা কৰা ফলাফলত বৰপথাৰৰ কণমানি নিলাভে এই সন্মান লাভ কৰিবলৈ সক্ষম হয়৷ আনহাতে নিলাভে প্ৰতিযোগিতাখনিত মিষ্টাৰ কিড ফট’জেনিক খিতাপো লাভ কৰিবলৈ সক্ষম হৈছে৷

এই খিতাপ লাভ কৰি নিলাভে পৰবৰ্তী সময়ত ভাৰতক প্ৰতিনিধিত্ব কৰি বেংকক, আমেৰিকা আৰু ফিলিপাইনছত অনুস্থিত হ’ব লগা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ বাবে যোগ্যতা অৰ্জন কৰে৷ বৰপথাৰ অঞ্জলি বৰবৰা মেম’ৰিয়েল একাডেমীৰ দ্বিতীয় শ্ৰেণীত অধ্যয়নৰত নিলাভ বৰপথাৰ নগৰৰ নিবাসী জ্যোতিৰঞ্জন বৰা আৰু চুমী ভৰালী বৰাৰ সন্তান৷ ৰাষ্ট্ৰীয় পয্যায়ৰ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি গোলাঘাট জিলাৰ বৰপথাৰ অঞ্চললৈ গৌৰব কঢ়িয়াই অনা নিলাভৰ সাফল্যত উৎফুল্লিত অঞ্চলটোৰ বিভিন্ন দল সংগঠনৰ লগতে নিলাভৰ পিতৃ-মাতৃ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।