07/20/2019 - 16:09
in
মৰিগাঁওঃ মৰিগাঁও জিলাৰ লাহৰীঘাটৰ ইকবাল হুচেইন নামৰ এজন যুৱকে নিজৰ সাধ্যানুসাৰে বানাক্ৰান্ত ৰাইজৰ বাবে মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আগবাঢ়ালে ৫১০০০ হাজাৰ টকা। উল্লেখ্য যে মৰিগাঁও জিলাৰ অতি ভিতৰুৱা আৰু গৰাখহনীয়াগ্ৰস্ত অঞ্চল লাহৰীঘাটৰ উদীয়মান যুৱক ইকবাল হুচেইনে বন্যাৰ্তৰ দুৰ্দশা চাই দুখ প্ৰকাশ কৰাৰ লগতে ৫১০০০ হাজাৰ টকা দান-বৰঙনি আগবাঢ়াইছে।
ইকবাল হুচেইন ২০০৪ চনৰ পৰা মুম্বাইত বলীউড জগতৰ বাবে কাম কৰি আছে আৰু বৰ্তমান মুম্বাইত তেওঁৰ নিজা ''ইকবাল হুচেইন প্ৰডাকচন'ৰ ডাইৰেক্টৰ হিচাপে দায়িত্বত আছে। তেখেতে লগতে কয় যে সকলোৱে নিজৰ নিজৰ সাধ্যানুসাৰে যাতে বন্যাৰ্তক সহায় কৰাৰ বাবে আগুৱাই আহিবলৈ অনুৰোধ জনায়।