গোসাইগাঁৱত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত ছাত্ৰ

 07/20/2019 - 16:15

শ্ৰীৰামপুৰঃ ৰাজ্যত অব্যাহত আছে জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ। জানিব পৰা মতে যোৱা তিনি চাৰিদিন ধৰি এই ৰোগত ভুগি থকা গোসাইগাঁও মহকুমাৰ কামাৰপাৰা গাঁৱৰ বাসিন্দা জমিৰ মণ্ডলৰ পুত্ৰ ছানিদুল মণ্ডল (১১)ৰ তিনিদিন ধৰি জ্বৰ, বমি, মূৰ বিষ হোৱাত গোসাইগাঁও আৰএনবি চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে কোকৰাঝাৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

কিন্তু আকৌ কোকৰাঝাৰৰ পৰা বঙাইগাঁও লয়াৰ হাস্পতাললৈ প্ৰেৰণ কৰে। বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে বুলি পৰিয়ালবৰ্গই জানিবলৈ দিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।