মিৰ্জাত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহ

 03/25/2019 - 17:04

মিৰ্জাঃ দক্ষিণ কামৰূপৰ পলাশবাৰীত ১৯৭৩ চনত স্থাপিত হোৱা নহিৰা গুইমাৰা অঞ্চলিক হাইস্কুলত ২৩ আৰু ২৪ মাৰ্চত দুদিনীয়া কাৰ্যসূচীৰে প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহ অনুষ্ঠিত হৈ যায়।

দেওবাৰে পুৱাৰ ভাগত প্ৰধান শিক্ষক ধীৰেন কুমাৰে বিদ্যালয়ৰ পতাকা উত্তোলন কৰে।ইয়াৰ পিছতেই পলাশবাৰীৰ অ'চি সত্যেন্দ্ৰ সিংহ হাজাৰিয়ে মুকলি কৰা সাংস্কৃতিক শোভাযাত্ৰাত দুই হাজাৰতকৈয়োা অধিক প্ৰাক্তন আৰু বৰ্তমানৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীয়ে অংশগ্ৰহণ কৰে।প্ৰাক্তন প্ৰধান শিক্ষক কুমুদ কলিতাই সমৰোহ উপলক্ষে আয়োজন কৰা প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰে।

বিদ্যালয়খনৰ কেইবাগৰাকীও প্ৰাক্তন আৰু বৰ্তমানৰ শিক্ষক-শিক্ষয়িত্ৰীক আসাম ট্ৰিবিউন গোষ্ঠীৰ ডেভলপমেণ্ট অফিছাৰ প্ৰণৱ দত্ত গোস্বামীৰ সঞ্চালনাত অনুষ্ঠিত হোৱা অন্তৰংগ আলাপ অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হয়। বিদ্যালয়খনৰ প্ৰতিষ্ঠাৰ প্ৰথম বছৰৰ ছাত্ৰ ছাত্ৰীক সম্পাদক জয়ন্ত গোস্বামীয়ে আঁতধৰা অনুষ্ঠানত সম্বৰ্ধনা জ্ঞাপন কৰে। বিদ্যালয়খনত দ্বিতীয় দিনাও স্মৰণিকা উন্মোচন, আলোচনা চক্ৰ,অন্তৰংগ আলাপ আৰু সাংস্কৃতিক অনুস্থান সফলতাৰে অনুস্থিত হৈ যায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।