ডুমডুমা মহাবিদ্যালয়ৰ নামভৰ্তিক কেন্দ্ৰ কৰি উত্তপ্ত ডুমডুমা

 07/20/2019 - 16:52

তিনিচুকীয়াঃ অসমৰ চাহ নগৰী ৰূপে খ্যাত বৃহত্তৰ ডুমডুমা অঞ্চলৰ উচ্চ শিক্ষাৰ একমাত্ৰ শিক্ষানুষ্ঠান ডুমডুমা মহাবিদ্যালয়ত নামভৰ্তিক কেন্দ্ৰ কৰি বিগত কিছু বছৰৰ পৰা এক অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি হৈ আহিছে। ডুমডুমাৰ লগতে ইয়াৰ নিকতৱৰ্তী অঞ্চলসমূহৰ পৰা হাইস্কুল আৰু উচ্চ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ অনুপাতে মহাবিদ্যলয়খনত আসনৰ সংখ্যা একেবাৰে সীমিত।

যাৰ পৰিপ্ৰেক্ষিতত হাইস্কুল আৰু উচ্চ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলৰ বহুসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে মহাবিদ্যালয়ত নামভৰ্তিৰ পৰা বঞ্চিত হৈ আহিছে। এই বিষয়ে অঞ্চলটোৰ কেইবাটাও ছাত্ৰ সংগঠনে ২৬ জুন তাৰিখে ৰাজ্যৰ মুখ্যমন্ত্ৰীক সাক্ষাত কৰি স্মাৰক পত্ৰ প্ৰদান কৰাৰ লগতে মুখ্যমন্ত্ৰীয়ে নামভৰ্তিৰ পৰা বঞ্চিত শিক্ষাৰ্থীক তাৎক্ষণিকভাৱে নামভৰ্তিৰ ব্যৱস্থা কৰা হ'ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও আজি পৰ্যন্ত একো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ কৰিছে অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছাই।

শনিবাৰে অসম চাহ জনজাতি ছাত্ৰ সন্থা (আটছা)ৰ ডুমডুমা শাখা সমিতিয়ে নামভৰ্তিৰ পৰা বঞ্চিত ছাত্ৰ-ছাত্ৰীসকলক লৈ ডুমডুমাৰ বৰহাপজানত ২ ঘণ্টীয়া ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। ফলত ৰাষ্ট্ৰীয় ঘাইপথত যান-বাহনসমূহ আৱদ্ধ হৈ পৰে। প্ৰতিবাদকাৰীসকলে ডুমডুমা মহাবিদ্যালয়ত নামভৰ্তিৰ পৰা বঞ্চিত প্ৰায় ৭৩২ গৰাকী শিক্ষাৰ্থীক অতিশীঘ্ৰে নামভৰ্তিৰ ব্যৱস্থা কৰাৰ লগতে চৰকাৰে দিয়া প্ৰতিশ্ৰুতি মতে ডুমডুমা আদৰ্শ মহাবিদ্যালয়ৰ কাম শীঘ্ৰেই আৰম্ভ কৰিবলৈ দাবী জনায়।

অন্যহাতে ডুমডুমা মহাবিদ্যালয়ৰ বিজ্ঞান শাখা চৰকাৰীকৰণ, মহাবিদ্যালয়খনত উচ্চতৰ মাধ্যমিক শাখাৰ আসনৰ সংখ্যা বৃদ্ধি কৰাৰ লগতে ডুমডুমা অঞ্চলৰ বৰ্ধিত জনসংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি মহিলা মহাবিদ্যালয়, কৃষি মহাবিদ্যালয় আৰু কাৰিকৰী মহাবিদ্যালয় স্থাপনৰ দাবী জনাই অসম চৰকাৰৰ শিক্ষা মন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।