মৈৰাবাৰীঃ মৈৰাবাৰী ইউ বি আই শাখাৰ কাৰ্যালয়ৰ সন্মুখত পাঁচ সহস্ৰাধিক ক্ষুব্ধ গ্ৰাহকৰ তীব্ৰ প্ৰতিবাদ। বেংক পৰিচালকৰ ছত্ৰছায়াত ছাত্ৰ বৃত্তি, বৃদ্ধ পেঞ্চন আদিৰ ধন আত্মসাতৰ অভিযোগ। বেংকটোৰ প্ৰায়সকল চি এছ পিয়ে একাউণ্ট খোলাৰ নামত হিতাধিকাৰীৰ পৰা ধন সংগ্ৰহ কৰাৰ উপৰি এখন এটিএম কাৰ্ড পাবলৈও চিএছপিক দিব লাগে তিনি শ টকা।
চিএছপিয়ে হিতাধিকাৰীৰ একাউণ্টৰ পৰা ছাত্ৰবৃত্তিৰ টকা উলিয়াই লোৱাৰ অভিযোগ উঠিছে। একাউণ্টৰ পৰা হৰলুকী হৈছে বৃদ্ধ পেঞ্চনৰ ধন। বেংক পৰিচালকক অভিযোগ দিয়ো কোনো ফল নোপোৱাত আজি পাঁচ সহস্ৰাধিক গ্ৰাহকে এনেদৰে প্ৰতিবাদ কৰিবলৈ বাধ্য হয়। পৰিস্থিতি বিষম দেখি বেংক কৰ্তৃপক্ষই দুৱাৰত তলা লগাই আত্মৰক্ষা কৰে।
ছুফিয়া বেগম নামৰ চিএছপিগৰাকীৰ নেতৃত্বত এই লুণ্ঠন চলি থকাৰ অভিযোগ উঠিছে। দৰিদ্ৰ গ্ৰাহকৰ পেটত লাঠ মৰা এই সকল চিএছপিৰ বিৰুদ্ধে কৰ্তৃপক্ষই কি ব্যৱস্থা লয় সেয়া লক্ষনীয় হ’ব। পৰিস্থিতি উত্তপ্ত হোৱাত মৈৰাবাৰী আৰক্ষীয়ে নিয়ন্ত্ৰন কৰে।