নগৰবেৰাঃ পানী যথেষ্ট পৰিমাণে শুকাইছে যদিও আজিও নগৰবেৰাৰ বানাক্ৰান্তৰ মাজত অব্যাহত আছে হাহাকাৰ পৰিৱেশ। নগৰবেৰা ৰাজহ চক্ৰৰ অন্তৰ্গত কোনো এটা আশ্ৰয় শিবিৰৰ পৰা নিজৰ ঘৰখনলৈ যাব পৰা নাই বানাক্ৰান্ত পৰিয়ালসমূহ। কিয়নো আজিও ঘৰৰ ভিতৰত একঁকাল একাঁঠু পানী। ঘৰৰ ভিতৰত ভৰি থবলৈ জেগা নাই। দুই এটা পৰিয়াল নিজৰ সা-সামগ্ৰী লৈ ঘৰখনলৈ গৈছিল যদিও ঘৰৰ ভিতৰত পানী থকাত পুনৰ আশ্ৰয় শিবিৰলৈ ওলটি আহে। নগৰবেৰা ৰাজহ চক্ৰৰ অন্তৰ্গত প্ৰায় ৫০ টা শিবিৰত আজিও ভোকে পিয়াহে অনিদ্ৰাত গৰু ছাগলীৰ সৈতে সহাৱস্থান কৰিছে বন্যাৰ্ত পৰিয়ালসমূহে।
নিজৰ ঘৰখনৰ কথা মনত পেলাই বন্যাৰ্তসকলে চকুলো টুকিছে। বহু পৰিয়ালে নিজৰ আপোন ঘৰখনৰ পৰা একোৱেই উলিয়াব নোৱাৰিলে। সকলো সপোন শেষ হৈ গ’ল। আশ্ৰয় শিবিৰসমূহত আজি ১০ দিন ধৰি শ শ পৰিয়াল আশ্ৰয় গ্ৰহণ কৰি থকাৰ পাছতো এই বন্যাৰ্তসকলক চৰকাৰী ভাৱে দিয়া হোৱা নাই ন্যূনতম বান সাহায্য। ঘৰখনৰ পৰা যি আনিছিল সেয়াই খাইছে। অন্যহাতে বহু পৰিয়াল নেখাই থাকিব লগীয়া হৈছে। শিবিৰসমুহত থকা ছাত্ৰ-ছাত্ৰী সকল এতিয়া চিন্তিত। বিগত ১৫ টা দিনত পঢ়িব পৰা নাই শিক্ষাৰ্থীসকলে। এৰি অহা ঘৰখনত কিতাপ বহী আছেনে নাই তাকো সন্দেহজনক। ৮৮ চনৰ পিছত আজিৰ প্ৰজন্মই প্ৰথমবাৰৰ বাবে এনে প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হ’ব লগীয়া হৈছে নগৰবেৰাত।