৪৬০ পেকেট বিদেশী চিগাৰেটসহ তামিলনাডুৰ ব্যক্তিক আটক গুৱাহাটী ৰে’লৱে আৰক্ষীৰ

 07/20/2019 - 17:22

গুৱাহাটীঃ গুৱাহাটী ৰে’লৱে আৰক্ষীৰ জালত ৪৬০ পেকেট বিদেশী চিগাৰেটসহ এজন লোক। ধৃত লোকজনৰ নাম ৰঙ্গস্বামী পনীৰ ছালভেম(৫৬)। কোৰিয়াত নিৰ্মিত চিগাৰেট খিনিৰ মূল্য আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰায় ৫ লাখ টকা। আজি পুৱা প্ৰায় ৭ বজাত ৰে’লৱে আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে বিদেশী চিগাৰেটসহ লোকজনক।

আৰক্ষীৰ জেৰাত লোকজনে ডিমাপুৰৰ পৰা চিগাৰেট খিনি ১ লাখ টকাত অনা বুলি স্বীকাৰ কৰে আৰু সেইখিনি হাওৰাত প্ৰায় ৫ লাখ টকাত বিক্ৰী কৰাৰ কথা আছিল। লোকজনৰ ঘৰ তামিলনাডুৰ গান্ধী নগৰত বুলি জানিবলৈ দিয়ে ৰে’লৱে আৰক্ষীয়ে। ৪৬০ পেকেট চিগাৰেটত মুঠ ৯২০০০ চিগাৰেট আছে। বাংগালুৰু এক্সপ্ৰেছৰ পৰা জব্দ কৰে বিদেশী চিগাৰেটখিনি।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।