দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শীলা দীক্ষিতৰ মহাপ্ৰয়াণ

 07/20/2019 - 18:19

ডিজিটেল ডেস্কঃ দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্ষীয়ান কংগ্ৰেছ নেত্ৰী শীলা দীক্ষিতৰ দেহাৱসান। হৃদ ৰোগত আক্ৰান্ত হৈ দিল্লীৰ আখোলাস্থিত এস্ক’ৰ্টত মৃত্যুবৰণ কৰে তিনিবাৰকৈ দিল্লীৰ মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত থকা শীলা দীক্ষিতে। হঠাৎ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ যোৱাত আজি পুৱা ১০.৩০ বজাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক।

কিন্তু বিয়লি ৩.৫৫ বজাত সকলোকে শোক সাগৰত পেলাই চিৰকাললৈ চকু মুদিলে ১৯৯৮ ৰ পৰা ২০১৩লৈকে মুঠ ১৫ বছৰ ধৰি দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা শীলা দীক্ষিতে। ২০১৪ চনত কেৰালাৰ ৰাজ্যপালৰ দায়িত্বতো আছিল বৰ্ষীয়ান কংগ্ৰেছ নেত্ৰীগৰাকী। ১৯৮৬ পৰা ১৯৮৯ লৈকে কেন্দ্ৰীয় মন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল শীলা দীক্ষিতে।

১৯৩৪ চনত পঞ্জাৱত জন্মগ্ৰহণ কৰা শীলা দীক্ষিত বিগত উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী আছিল। ৮১ বছৰ বয়সত জীৱন নাট সামৰা কংগ্ৰেছকৰ্মীগৰাকীৰ মৃত্যুত এতিয়া সমগ্ৰ দেশতে গভীৰ শোকৰ ছাঁ পৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।