হাউলীঃ জাতীয় স্বাৰ্থত প্ৰাণ আহুতি দিয়া চাৰি গৰাকী বীৰ শ্বহীদক স্মৰণাৰ্থে অহা ২১ জুলাইত বৰপেটা জিলা আমছুৰ উদ্যোগত আৰু হাউলী নগৰ আঞ্চলিক আমছুৰ সহযোগত হাউলীৰ জামিয়া-ই-উলুম মাদ্ৰাছা প্ৰাঙ্গণত দিনজোৰা কাৰ্যসূচীৰে এখন স্মৃতিচাৰণ সভাৰ আয়োজন কৰা হৈছে।
উল্লেখ্য যে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী (এনআৰচি)ৰ পাইলট প্ৰজেক্টত থকা আঁসোৱাহসমূহ দূৰ কৰি এখন শুদ্ধ এনআৰচি প্ৰস্তুতকৰণৰ দাবীত বিগত ২০১০ চনৰ ২১ জুলাইত সদৌ অসম সংখ্যালঘূ ছাত্ৰ ইউনিয়ন আমছুৰ বৰপেটা জিলা সমিতিৰ উদ্যোগত বৰপেটা জিলা উপায়ুক্তৰ কাৰ্যালয় ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল।
উক্ত গণতান্ত্ৰিক আন্দোলনত অংশগ্ৰহণ কৰা লক্ষাধিক প্ৰতিবাদকাৰী আৰু আমছুৰ সমৰ্থকক তদানীন্তন কংগ্ৰেছ চৰকাৰৰ পুলিচ বাহিনীয়ে নিৰ্বিচাৰে গুলিবৰ্ষণ কৰাত ডেৰ শতাধিক প্ৰতিবাদকাৰী আহত হোৱাৰ উপৰি চাৰিজন প্ৰতিবাদকাৰী থিতাতে নিহত হৈছিল। উক্ত স্মৃতিচাৰণ সভাত সকলো শ্ৰেণীৰ ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে বৰপেটা জিলা আমছুৰ সভাপতি নজৰুল ইছলাম আৰু সাধাৰণ সম্পাদক ৰহিদুল শিকদাৰে।