ৰঙিয়াত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ আছুৰ

 07/20/2019 - 19:12

ৰঙিয়াঃ বানৰ সমান্তৰালভাৱে ৰঙিয়াত জনসাধাৰণে বিদ্যুতৰ সমস্যাৰ সন্মুখীন হৈছে। শেহতীয়াভাৱে পানী কমিছে যদিও ঘণ্টাৰ পিছত ঘণ্টা ধৰি বিদ্যুৎ বিভাগে বিদ্যুৎ কৰ্তন কৰাত জনসাধাৰণ সাংঘাতিক সমস্যাৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে। ৰঙিয়াৰ ১০ খনতকৈ অধিক গাঁৱত বিদ্যুতৰ এনে সমস্যাৰ বাবে ৰাইজ অতিষ্ঠ হৈ পৰাত ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাই আজি বিদ্যুৎ বিভাগৰ কাৰ্যালয়ৰ সন্মুখত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

আছুৰ প্ৰায় অৰ্ধশতাধিক কৰ্মকৰ্তাই ৰঙিয়া বিদ্যুৎ বিভাগৰ সন্মুখত উপস্থিত হৈ বিভাগটোৰ বিভাগৰ বিৰুদ্ধে নানা শ্ল'গান দিয়াৰ উপৰি বিভাগটোৰ পুত্তলিকা দাহ কৰে। আছুৰ প্ৰতিবাদী কাৰ্য্যসূচীত কামৰূপ জিলা ছাত্ৰ সন্থাৰ সম্পাদক হেমন্ত দাস, ৰঙিয়া মহকুমা ছাত্ৰ সন্থাৰ সম্পাদক ভৱজ্যোতি ডেকা, ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি জয়ন্ত শৰ্মা, সম্পাদক মৃন্ময় ডেকা উপস্থিত থাকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।