নলবাৰীত বানাক্ৰান্তৰ মাজত বিভিন্ন সংগঠনৰ সাহায্য বিতৰণ

 07/20/2019 - 19:58

নলবাৰীঃ আজিও বানত ডুবি আছে নলবাৰীৰ বহু গাঁও। বানত ককবকাইছে গঞা। বানাক্ৰান্তক প্ৰশাসনৰ পৰা দিয়া নাই পৰ্যাপ্ত বান সাহায্য। সেয়েহে আগবাঢ়ি আহিছে বহুতো সমাজকৰ্মী, দল-সংগঠনে। আজিও নলবাৰী নমাটিত বিশিষ্ট ব্যৱসায়ী প্ৰদীপ কলিতাৰ নেতৃত্বত পি কে গ্ৰুপ, পি কে ফেন ক্লাব আৰু নৱপ্রদীপ্ত ছ’চাইটিৰ সৌজন্যত নলবাৰী জিলাৰ অন্তর্গত বিভিন্ন অঞ্চলত বানপীড়িতসকলৰ মাজত সাহায্য বিতৰণ কৰে।

অন্যহাতে শ্ৰীমন্ত শংকৰদেৱ সংঘই সমগ্ৰ ৰাজ্যৰ লগতে আজি দৰং জিলা শাখাৰ ব্যৱস্থাপনাত কেন্দ্রীয় সেৱা বাহিনীৰ সহযোগত নামনি অসমৰ নলবাৰী, বাস্কা, হাজো, উত্তৰ গুৱাহাটী আদিকে ধৰি বিভিন্ন ঠাইত বান সাহায্য বিতৰণ কৰে। উল্লেখ্য যে অহা ২৭ জুলাইলৈ শংকৰদেৱ সংঘই এই কাৰ্যসূচী অব্যাহত ৰাখিব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।