চেলেংহাটত বহিঃৰাজ্যৰ আমদানীকৃত মৃত গাহৰি মাংসৰ ৰমৰমীয়া বেহাঃ অৱশেষত চকু মেলিলে যোৰহাট জিলা প্ৰশাসনে

 07/20/2019 - 20:09

মৰিয়নী: চেলেংহাটৰ বিভিন্ন অঞ্চলত এটা দুষ্ট চক্ৰই বহিঃ ৰাজ্যৰ পৰা আমদানী মৃত গাহৰিৰ পচা মাংস খুৱাই অহাৰ এক ভয়ংকৰ তথ্য সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পাছত অৱশেষত গা লৰিল যোৰহাট জিলা প্ৰশাসনৰ। আজি তিতাবৰ মহাকুমাধিপতিৰ নিৰ্দেশত খাদ্য আৰু অসামৰিক যোগান বিভাগৰ এগৰাকী খাদ্য পৰিদৰ্শক আৰু এগৰাকী পশু চিকিৎসকৰ নেতৃত্বত এটা তদন্তকাৰী দলক  ঘটনাটোৰ তদন্তৰ বাবে  চেলেংহাটতলৈ প্ৰেৰণ কৰে। খাদ্য পৰিদৰ্শক উত্তম নাজিৰ আৰু পশু চিকিৎসক ডাঃ ৰাজীৱ দুৱৰাৰ নেতৃত্বত অহা তদন্তকাৰী দলটোৱে আজি চেলেংহাটত উপস্থিত হৈ স্থানীয় সংবাদকৰ্মীৰ লগতে স্থানীয় ৰাইজ, গাহৰি মাংস বিক্ৰেতা আৰু ক্ৰেতা সকলৰ মতামত সংগ্ৰহ কৰে। উল্লেখযোগ্য যে যোৱা ১৪ জুলাইত চেলেংহাটত একাংশ লোকে বহিঃৰাজ্যৰ পৰা সৰবৰাহ কৰা মৃত গাহৰিৰ পচা মাংস বিক্ৰী কৰাৰ ঘটনা ধৰা পেলাবলৈ সক্ষম হৈছিল। ইয়াৰ পূৰ্বেও চেলেংহাটত একাংশ অসাধু লোকে এনেদৰে খাদ্যৰ অনুপযোগী গাহৰি মাংস বিক্ৰী কৰি আহিছিল।  জানিব পৰা মতে শিৱসাগৰ জিলাৰ আমগুৰি আৰু হালোৱাটিঙ অঞ্চলৰ কেইজনমান ব্যৱসায়ীয়ে অন্ধপ্ৰদেশ, উত্তৰ প্ৰদেশ আদি ৰাজ্যৰ পৰা গাহৰি আমদানী কৰি  নগালেণ্ডলৈ সৰবৰাহ কৰি আহিছে। আমগুৰিৰ জনৈক ভূঞা, শইকীয়া, আৰু দাস  উপাধিৰ ব্যৱসায়ীয়ে কেইজনে  বহিঃৰাজ্যৰ পৰা গাহৰি আমদানী কৰি আমগুৰি আৰু হালোৱাটিঙ অঞ্চলত মজুত কৰি নগালেণ্ডলৈ সৰবৰাহ কৰি আহিছে বুলি প্ৰকাশ। লক্ষণীয় যে বহিঃ ৰাজ্যৰ পৰা গাহৰি সৰবৰাহ কৰা অৱস্থাত গন্তব্যস্থান পোৱাৰ পূৰ্বে পথতে বিভিন্ন কাৰকৰ ফলত প্ৰায়ে মৃত্যু মুখত পৰে দুইৰ পৰা চাৰিটা পৰ্যন্ত গাহৰিৰ।

এই মৃত গাহৰিসমূহ ব্যৱসায়ী সকলে পুতি পেলাব লাগে যদিও একাংশ ধূৰ্ত ব্যৱসায়ীয়ে স্থানীয় একাংশ গাহৰি ব্যৱসায়ীক মৃত গাহৰি বোৰ কম মূল্যত যোগান ধৰে। উল্লেখ্য যে এটা জীৱিত গাহৰিৰ মূল্য ত্ৰিশৰ পৰা ছল্লিছ হাজাৰ টকাৰ বিপৰীতে মৃত গাহৰি মূল্য হয় এহেজাৰ পৰা পাঁচ হাজাৰ টকা। বহিঃৰাজ্যৰ পৰা গাহৰি আমদানি কৰা এই সকল চতুৰ ব্যৱসায়ীয়ে এনেধৰণৰ দুই এটা মৃত গাহৰি পুতি তাৰ ভিডিঅ' তৈয়াৰ কৰি প্ৰশাসনৰ চকুত ধূলি দি সৰহ সংখ্যক মৃত গাহৰি স্থানীয় ব্যৱসায়ীক কম মূল্যত বিক্ৰী কৰে। আমদানিকৃত গাহৰিৰ ব্যৱসায়ী সকলৰ এই দূস্কাৰ্যত সহায় কৰে ব্যৱসায়ী কেইজনৰ গাড়ী চালক সকলে।  চেলেংহাট বেল তল জাপিসজীয়া গাঁওৰ বাবা গগৈ নামৰ গাড়ী চালক জনে দীৰ্ঘদিনৰ পৰা চেলেংহাটলৈ মৃত গাহৰি যোগান ধৰি অহা বুলি অভিযোগ উঠিছে। 

এই লোকজন হৈছে আমগুৰিৰ জনৈক ভূঞা উপাধিৰ আমদানিকৃত গাহৰি ব্যৱসায়ী জনৰ গাড়ীচালক। এইজন চালকেই আমগুৰিৰ পৰা নগালেণ্ডলৈ বহিঃৰাজ্যৰ গাহৰি কঢ়িয়াই নিয়ে। এইজন বাবা গগৈৰ উপৰিও চেলেংহাটত অঞ্চলৰ লোক কেইবাজনো মিলি বিভিন্ন অঞ্চলৰ তিনি আলি আৰু পথৰ কাষত মৃত গাহৰি কাটি বিক্ৰী কৰি আহিছে। জানিব পৰামতে যোৱা ১৪ জুলাইত বাবা গগৈ নামৰ গাড়ীচালক জনে দুটাকৈ বহিঃৰাজ্যৰ পৰা আমদানি কৰা মৃত গাহৰি চেলেংহাটত বিক্ৰীৰ বাবে আনিছিল। ইয়াৰে এটা মৃত গাহৰিৰ মাংস বিক্ৰী কৰাৰ বিপৰীতে গেলিবলৈ ধৰা আনটো মৃত গাহৰি জাঁজী নদীত পেলাই দিয়ে। জানিব পৰামতে দীৰ্ঘ দিনৰ পৰা এই চক্ৰটোৱে মৰা গাহৰিৰ মাংস ব্যৱসায় কৰি অহাৰ লগতে বহাগ বিহু আৰু মাঘ বিহুৰ সময়তো এনে মৰা গাহৰি কাটি মাংস বিক্ৰী কৰাৰ তথ্য পোহৰলৈ আহিছে। অঞ্চলটোত  মাছ-মাংসৰ গুণাগুণ নিৰ্ণয়ৰ বাবে খাদ্য সুৰক্ষা বিভাগৰ কোনো ধৰণৰ পৰিদৰ্শন ব্যৱস্থা নথকাৰ বাবেই এই অসৎ ব্যৱসায়ী চক্ৰটোৱে এনেদৰে খাদ্যৰ অনুপযোগী গেলা পচা গাহৰি মাংস বিক্ৰী কৰি আহিছে। আনহাতে আজি এই ঘটনাৰ তদন্ত কৰা দলটোৱে আমগুৰিৰ বহিঃৰাজ্যৰ গাহৰি ব্যৱসায়ী সকলকো তদন্তৰ আউতালৈ আনিবৰ বাবে শিৱসাগৰ জিলা প্ৰশাসনক অনুৰোধ জনাব বুলি প্ৰকাশ কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।