জনীয়াত চৰকাৰী বান সাহায্য বিতৰণত অনিয়ম সংঘটিত কৰাৰ অভিযোগ

 07/20/2019 - 20:12

কলগাছিয়াঃ বৰপেটা জিলাৰ জনীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত চিকনী গাঁও পঞ্চায়তৰ শাওৰাচৰা ৰিজাৰ্ভ ৯ নং খণ্ডত চৰকাৰী বান সাহায্য বিতৰণত দুৰ্নীতি আৰু অনিয়ম সংঘটিত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। প্ৰাপ্ত অভিযোগ মতে অসম চৰকাৰৰ ফালৰ পৰা ৪৯ কুইণ্টল চাউল আৰু ১২০ টা তিৰ্পাল বানাক্ৰান্ত ৰাইজৰ কাৰণে প্ৰদান কৰিছিল যদিও ইয়াৰ বিপৰীতে কংগ্ৰেছ দলৰ নৱ-নিৰ্বাচিত খণ্ড সদস্য আছিয়া খাতুনে বিতৰণৰ দায়িত্ব পোৱাত ৩৮ কুইণ্টল চাউল আৰু ৪০ টা তিৰ্পাল ৰাইজৰ মাজত বিতৰণ কৰে।

বাকী থকা ১১ কুইণ্টল চাউল ৮০ টা তিৰ্পাল আত্মসাৎ কৰে যদিও ৫ বস্তা চাউল জচিম উদ্দিনৰ ঘৰৰ পৰা স্থানীয় ৰাইজে ইতিমধ্যে হাতে লুটে ধৰা পেলাইছে। অৱশ্যে বাকী চাউলৰ শুংসূত্ৰ এতিয়ালৈকে পোৱা নাই। কিন্তু বিভাগীয় কৰ্তৃপক্ষই নিৰপেক্ষ তদন্ত কৰিলে দুৰ্নীতি সংঘটিত কৰা চক্ৰটো ওলাই পৰিব বুলি ৰাইজে প্ৰকাশ কৰিছে।

ইফালে এই বিষয়ে স্থানীয় ৰাইজে ইতিমধ্যে কলগাছিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া, কলগাছিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ লগতে স্থানীয় গাঁওবুঢ়াক অৱগত কৰাৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে। উল্লেখ্য যে ইতিমধ্যে উক্ত দুৰ্নীতি সন্দৰ্ভত বৰভিটা আৰক্ষী চকীত দাখিল কৰিছে এজাহাৰ। ৰাইজে অতি সোনকালে উক্ত ঘটনাৰ চৰজমিন তদন্ত কৰি দোষীক চিনাক্ত কৰি শাস্তি বিহাৰ দাবী জনাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।