ৰাহুল গান্ধীৰ ৭২হেজাৰ টকাৰ নিৰ্বাচনী টোপ

 03/26/2019 - 11:57

ডিজিটেল ডেস্ক: তুংগত উঠিছে আগন্ত্তক নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰ। কংগ্ৰেছ,বিজেপি,অগপ কোনো এটা দলেই পিছ পৰি থকা নাই। ভোটাৰক আকৰ্ষিত কৰিবলৈ দি গৈছে এটা এটাকৈ নিৰ্বাচনী প্ৰতিশ্ৰুতি। এই ক্ষেত্রত কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে লৈ আহিছে আন এটা নিৰ্বাচনী ধামাকা।

'কংগ্ৰেছৰ হাত দুখীয়াৰ ভাত' নীতিক সাৰোগত কৰি ৰাহুল গান্ধীয়ে এক সংবাদমেলযোগে ঘোষণা কৰিলে কংগ্ৰেছৰ বৃহৎ নিৰ্বাচনী প্ৰতিশ্ৰুতি। ক্ষমতালৈ আহিলে মাহে ১২ হেজাৰ টকাৰ কম আয়ৰ পৰিয়ালক বছৰি ৭২ হাজাৰ টকাকৈ দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে ৰাহুল গান্ধীয়ে।

এই অভিলাষী আঁচনিৰ জৰিয়তে প্ৰথম পৰ্যায়ত ২৫ কোটি লোকক উপকৃত কৰাৰ লক্ষ্য লৈছে কংগ্ৰেছে। এই আঁচনিৰ জৰিয়তে দেশৰ পৰা দৰিদ্ৰতা নিৰ্মূলৰ ব্যৱস্থা গ্ৰহণ কৰিছে বুলিও অধ্যক্ষগৰাকীয়ে জানিবলৈ দিয়ে।

উল্লেখ্য যে, বিগত লোকসভা নিৰ্বাচনত দেশৰ সকলো ভোটাৰক ১৫ লাখকৈ টকা দিয়াৰ ভূৱা প্ৰতিশ্ৰুতি দিয়া নৰেন্দ্ৰ মোডীৰ পিছত ৰাহুল গান্ধীৰ এই টোপ ভোটাৰে কিদৰে গ্ৰহণ কৰে সেইটো লক্ষ্যণীয় হ'ব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।