ধেমাজিত বানপীড়িত লোকক সাহায্য বিতৰণ শিৱসাগৰৰ বাইকাৰ্চ গ্ৰুপৰ

 07/20/2019 - 20:41

গোগামুখঃ ধেমাজি জিলাৰ বানপানীৰ খবৰ পাই বন্যাৰ্তক কিছু সকাহ দিয়াৰ মানসেৰে শিৱসাগৰৰ ৭ যুৱক উপস্থিত হ'লহি ধেমাজি গোগামুখত। সকলো হেৰুৱাই চকুত চকুলো লৈ থকা প্ৰায় শতাধিক বানাক্ৰান্ত পৰিয়ালক চাউল, দাইল, আলু, মমবাতি, দিয়াশলাই, বিস্কুট, গাখীৰ পেকেটৰ লগতে বস্ত্ৰ বিতৰন কৰে বাইকাৰ্চ গ্ৰুপটোৱে।

অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন ঠাই ভ্ৰমণ কৰা গ্ৰুপটোৱে গ্ৰহণ কৰা পদক্ষেপক প্ৰশংসা কৰিছে বানাক্ৰান্তই। সুদূৰ দক্ষিণ অসমৰ পৰা আহি বন্যাৰ্তক সহায় কৰা গ্ৰুপটোক গোগামুখ আছুৰ কৰ্মীয়ে সংগ দি নিশালৈকে বান সাহায্য বিতৰণ কৰে। উল্লেখযোগ্য যে চৰকাৰৰ তৰফৰ পৰা বানাক্ৰান্তৰ মাজত মাত্ৰ তিনিদিনৰ বাবে বান সাহায্য লাভ কৰিছিল বন্যাৰ্তই। কিন্তু চৰকাৰৰ পৰিৱৰ্তে এতিয়া বিভিন্ন দল সংগঠনে বানপীড়িত এলেকাত বান সাহায্য বিতৰণ কৰি থকা পৰিলক্ষিত হৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।