তামুলপুৰত চুৰি কাণ্ডঃ নিজ গৃহতে আলমিৰাৰ তলা ভাঙি অলংকাৰ লুট

 07/20/2019 - 21:27

তামুলপুৰঃ তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত পাঠলিকুছিত আজি দুপৰীয়া সংঘটিত হয় এক চুৰি কাণ্ড। ৰমেশ দাস (৩৫) নামৰ যুবক এজনে সময়ত এসাজ ভাত খাবলৈ নোপোৱাৰ কাৰণে নিজৰ নবৌৱেকৰ আলমিৰাৰ তলা ভাঙি সোণৰ চেইন, আঙুঠি আৰু নগদ টকা লুট কৰি উধাও হয় ঘৰৰ পৰা। আলমিৰাৰ তলা ভঙা অৱস্থা দেখি পৰিয়ালত হাহাকাৰ সৃষ্টি হোৱাত জানিব পাৰিলে যে এই চুৰি কাণ্ড সংঘটিত কৰা ব্যক্তি অইন কোনো নহয় নিজ ঘৰৰে সদস্য ৰমেশ দাস।

আজি তামুলপুৰ ছাত্ৰ সন্থাৰ সহযোগত বিচাৰ খোচাৰ কৰি দ্বাৰকুছি বজাৰৰ পৰা ছাত্ৰ সন্থাৰ কৰ্মীয়ে সামগ্ৰীসহ চোৰটোক তামুলপুৰ আৰক্ষী থানাত গতাই দিয়ে। চোৰটোৰ নিজ মাতৃৰ এজাহাৰৰ ভিত্তিত তামুলপুৰ আৰক্ষীয়ে আটক কৰি সোধপোচ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.