সোমবাৰৰ পৰা পুনৰ উত্তৰ গুৱাহাটী ফেৰী সেৱা আৰম্ভ

 07/21/2019 - 12:50

গুৱাহাটীঃ উত্তৰ গুৱাহাটীবাসীলৈ সু খবৰ। সোমবাৰৰ পৰা পুনৰ চলিব গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰী সেৱা।

ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধিৰ বাবে যোৱা ১২ জুলাইৰ পৰা বন্ধ কৰা হৈছিল ফেৰী সেৱা।

ক্ৰমাৎ ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ হ্ৰাস হোৱাৰ কাৰণে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে পুনৰ ফেৰী সেৱা মুকলি কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে।

সোমবাৰৰ পৰা যাতায়তৰ ক্ষেত্ৰত অসুবিধা দূৰ হ’ব উত্তৰ গুৱাহাটীবাসীৰ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।