দিল্লীৰ প্ৰাক্তন বিজেপি সভাপতি মাংগে ৰাম গাৰ্গৰ দেহাৱসান

 07/21/2019 - 13:04

ডিজিটেল ডেস্কঃ দিল্লীৰ প্ৰাক্তন বিজেপি সভাপতি মাংগে ৰাম গাৰ্গৰ দেওবাৰে পুৱা দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৮২ বছৰ। ২০০৩ চনত ৱাজিৰপুৰ সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল নেতাজন।

অৱশ্যে ২০০৮ চনত কংগ্ৰেছৰ হাতত নিজৰে সমষ্টিত পৰাজিত হৈছিল গাৰ্গ। গাৰ্গৰ নেতৃত্বতে দেশৰ ৰাজধানী চহৰ দিল্লীত মজবুত হৈছিল বিজেপিৰ স্থিতি।

ইফালে বয়সৰ চাপ পৰাৰ বাবে বিভিন্ন ৰোগে দেখা দিয়াত চিকিৎসাধীন হৈ আছিল মাংগে ৰাম গাৰ্গ। শেহতীয়াকৈ বালাজী একচন হাস্পতালত চিকিৎসাধীন হৈ আছিল বিজেপি নেতাগৰাকী।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।