গোৱালপাৰাত বন্যহস্তীৰ আক্ৰমণত নিহত ২ মহিলা, আহত ১ শিশু

 07/21/2019 - 13:35

ডিজিটেল ডেস্কঃ গোৱালপাৰাত বন্যহস্তীৰ আক্ৰমণত প্ৰাণ হেৰুৱাইছে দুগৰাকী মহিলাই৷ গুৰুতৰ ভাৱে আহত হৈছে এটি শিশু। জিলাখনৰ ৰংজুলি বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত দৰংগিৰি-শান্তিপাৰাত শনিবাৰে নিশা সংঘটিত হয় এই শোকাৱহ ঘটনা। জানিব পৰামতে ‘লাডেন’ নামৰ কুখ্যাত বন্যহস্তীটোয়ে দৰংগিৰিৰ শান্তিপাৰা গাঁৱত সন্ত্ৰাস চলাই এজন লোকৰ ঘৰৰ চৌহদত প্ৰৱেশ কৰে।পিছত বন্যহস্তীটোৰ আক্ৰমণতে এগৰাকী বৃদ্ধা আৰু তেওঁৰ বোৱাৰী গৰাকী নিহত হোৱাৰ লগতে নাতিয়েক গুৰুতৰভাৱে আহত হয়৷

নিহত বৃদ্ধা গৰাকী আহাৰী ৰাভা(৭০) আৰু বোৱাৰী গৰাকী নন্দিতা ৰাভা (৩৫) বুলি জানিব পৰা গৈছে।প্ৰাপ্ত খবৰ মতে নিশাই আৰক্ষী আৰু বনকৰ্মীৰ দল ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহ দুটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে৷ আনহাতে আহত নাতিয়েকক নিশাই চিকিৎসাৰ বাবে ৰংজুলিৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়৷ উল্লেখ্যে যে, লাডেন নামৰ বন্যহস্তীয়ে দীৰ্ঘদিন ধৰি ৰংজুলি দৰংগিৰি অঞ্চলত সন্ত্ৰাস চলাই আহিছে৷ বনবিভাগে হাতীটোক নাকী লগোৱাৰ ক্ষেত্ৰত একো পদক্ষেপ নোলোৱাত ক্ষোভিত হৈ পৰিছে অঞ্চলবাসী।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।