বিজেপিয়ে চেঁচা পানী ঢালিলে ৰাজেন গোহাঁইৰ আশাত

 03/26/2019 - 12:24

নগাঁওঃ বিজেপি নেতৃত্বই সপোন পূৰণ নকৰিলে ৰাজেন গোহাঁইৰ। নগাঁও লোকসভা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদানক লৈ চলি আহিছে ব্যাপক চৰ্চা। সঘনে সলনি হৈছে দৃশ্যপট। নগাঁও সংসদীয় সমষ্টিৰ পৰা গোহাঁয়ে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ শেষ মুহূৰ্তত সাজু হৈছিল যদিও তেওঁৰ আশাত চেঁচাপানী পৰিল। ৰাজেন গোহাঁইক বঞ্চিত কৰি বিধায়ক ৰূপক শৰ্মাক বিজেপিৰ নেতৃত্বই প্ৰদান কৰিলে সমষ্টিটোৰ প্ৰাৰ্থিত্ব।

প্ৰথমে মন্ত্ৰী ৰাজেন গোহাঁইক তেওঁৰ বিৰুদ্ধে উত্থাপিত নাৰীজনিত অপৰাধৰ বাবে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নালাগে বুলি দলীয় নেতৃত্বই অনুৰোধ কৰিছিল। লগতে ৰাজেন গোহাঁইক এই প্ৰতিশ্ৰুতিও দিছিল যে তেওঁ নিৰ্বাচন কৰি দিয়া প্ৰাৰ্থী গৰাকীকে সেই সমষ্টিটোত দলীয় টিকট প্ৰদান কৰিব। মন্ত্ৰী ৰাজেন গোহাঁয়ে সেয়ে এই কথাত সৈমান হৈ সংবাদ মেল পাতি সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা নকৰাৰ কথা ঘোষণা কৰিছিল।

তেওঁৰ বিৰুদ্ধে থকা নাৰীজনিত অভিযোগৰ কথা উল্লেখ কৰি এই অভিযোগৰ পৰা মুক্ত নোহোৱা পৰ্যন্ত বিজেপি দলটোৰ যাতে কোনো ক্ষতি নহয়, তাৰ বাবেই এই সিদ্ধান্ত লোৱা বুলি ঘোষণা কৰিছিল। বাস্তৱত দলক ভালপোৱাৰ বাবে এনে কৰা বুলি ক’লেও ভিতৰি তেওঁ পত্নী ৰীতা গোহাঁইক সমষ্টিটোৰ বাবে প্ৰক্ষেপ কৰিছিল। কিন্তু পত্নী ৰীতা গোহাঁইক এই দৌৰৰ পৰা কেতিয়াবাই আঁতৰাই পঠিওৱাত সেই কথা জানিব পাৰি দলৰ নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ উজাৰিছিল ৰাজেন গোহাঁয়ে। আনকি পত্নী ৰীতা গোহাঁয়ে এক সংবাদ মেল সম্বোধন কৰি টিকট নোপোৱা বাবে উচুপি উঠিছিল।

সেই নাটকৰ পট পৰিৱৰ্তন ঘটিছিল পুনৰ সোমবাৰে। আদালতৰ মজিয়াত ৰাজেন গোহাঁইৰ বিৰুদ্ধে উত্থাপিত নাৰীজনিত অভিযোগ মিছা বুলি প্ৰমাণিত হোৱাত পুনৰ উৎসাহী হৈ পৰিছিল কেন্দ্ৰীয় মন্ত্ৰীগৰাকী। নগাঁৱত থকা ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসক তেওঁৰ ক্লীনশ্বীটৰ প্ৰতিলিপি জমা দিয়াৰ লগতে মনোনয়ন পত্ৰও সংগ্ৰহ কৰিছিল ৰাজেন গোহাঁয়ে। তাৰ পাছত প্ৰায় ১০ ঘন্টা  সময়  ভাল খবৰ আহিব বুলি. অপেক্ষা কৰিছিল ৰাজেন গোহাঁয়ে। কিন্তু তেওঁ আশা কৰা মতে একো নহ’ল। । বিজেপিৰ সিদ্ধান্তই নিশ্চয়কৈ  ক্ষুণ্ণ কৰি তুলিছে ৰাজেন গোহাঁইক।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।