নগৰবেৰাত বান সাহায্যৰ নামত ভেকোঁভাওনাঃ এসাজ খাব পৰা সাহায্যও নাপালে বন্যাৰ্তই

 07/21/2019 - 14:16

নগৰবেৰাঃ অৱশেষত এসপ্তাহে নগৰবেৰাৰ টুপামাৰী ৰঙ্গেশ্বৰী, ভখুৰাদিয়া আৰু বদলাৰ বান শিবিৰ সমুহত হাহাকাৰ কৰি থকা বন্যাৰ্তলৈ চৰকাৰে প্ৰদান কৰিলে বান সাহায্য। পিছে চৰকাৰৰ বান সাহায্য পাই আনন্দিত হোৱাৰ পৰিৱৰ্তে ক্ষোভিত হৈ পৰিল হাজাৰ হাজাৰ বন্যাৰ্ত। কাৰণ এসপ্তাহে ঘৰ বাৰী এৰি মুকলি আকাশৰ তলত মথাউৰিত আশ্ৰয় লৈ থকা বান পীড়িত সকলক প্ৰদান কৰা সাহায্যৰে এসাজো খাব নোৱাৰিব বন্যাৰ্তই।

চৰকাৰে প্ৰদান কৰা বান সাহায্যৰ পৰিমাণৰ কথা শুনিলে আপোনাৰো চকু কপালত উঠিব। কিয়নো গাইপতি ২ গ্ৰাম মিঠাতেল, ২ গ্ৰাম নিমখ, ৫০ গ্ৰাম দাইল আৰু ৩০০ গ্ৰাম চাউল দিলে চৰকাৰে। এতিয়া আপুনিয়ে অনুমান কৰক এই পৰিমানৰ বস্তুৰে কিমান সাজ খাব পাৰিব এওঁলোকে। সম্ভৱত এসাজ খাব পৰা সাহায্যও নাপালে বন্যাৰ্তই। সেয়ে নগৰবেৰাৰ টুপামাৰীত বান পীড়িত লোক ক্ষোভিত হৈ এইদৰে চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ।

বান সাহায্যৰ নামত ভেকোঁভাওনা বন্ধ কৰক, অসম চৰকাৰ হায় হায়, আমাক পৰ্যাপ্ত সাহায্য দিয়ক আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। চৰকাৰে বান সাহায্য প্ৰদানৰ নামত এইসকল দুৰ্ভগীয়া বন্যাৰ্তৰ আবেগ অনুভূতিৰ সৈতে ধেমালিহে আৰম্ভ কৰিছে বুলি অভিযোগ তুলিলে এই সকল বন্যাৰ্তই।

উল্লেখ্য যে, চৰকাৰৰ ফালৰ পৰা টুপামাৰীত ৬০০০ লোকৰ বিপৰীতে ২৪ কুইন্টল চাউল, ৩৯০ কেজি দাইল, ১০ লিটাৰ মিঠাতেল আৰু ১০ কেজি নিমখ প্ৰদান কৰাৰ লগতে ৰঙ্গেশ্বৰীত ৪০০০ লোকৰ বিপৰীতে দিলে ২০ কুইন্টল চাউল, ৩৩০ কেজি দাইল, ৭ কেজি নিমখ আৰু ৭ লিটাৰ মিঠাতেল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।