বৰপেটাৰ চেঙাত বান সাহায্য হৰলুকিৰ চেষ্টা একাংশ লোকৰ

 07/21/2019 - 14:24

ডিজিটেল ডেস্কঃ বৰপেটাৰ চেঙা সমষ্টিৰ খোলাবান্ধত চাঞ্চল্যকৰ ঘটনা। বৃহৎ পৰিমাণৰ বান সাহায্য হৰলুকিৰ চেষ্টা একাংশ লোকৰ। ৩৬ বস্তা চাউল, ৭ বস্তা দাইল লুকুৱাই ৰাখি বিক্ৰীৰ চেষ্টা কৰাৰ অভিযোগ তুলি কাছুমাৰা থানাত গোচৰ।

স্থানীয় ৰাইজে চাউল, দাইলখিনি জব্দ কৰি থানাত চমজাই দিয়ে। ৬ জনৰ বিৰুদ্ধে গোচৰ। অভিযুক্ত সকল হ’ল- জামাল উদ্দিন (গাঁওবুঢ়া),ৰহমত আলী মণ্ডল, মুজাম্মেল হক, বুৰজত আলী, আবুল হুছেইন আৰু ৰহুল আমিন। ১১৮/১৯ গোচৰ পঞ্জীয়ন কৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। শনিবাৰে সংঘটিত হয় এই লজ্জাজনক ঘটনা।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।