জ্ঞানপীঠ একাডেমিৰ নবাগত আদৰণি সভা সম্পন্ন

 07/21/2019 - 14:37

টীয়কঃ যোৰহাট জিলাৰ টীয়ক নগৰৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান জ্ঞানপীঠ একাডেমীৰ চলিত বৰ্ষৰ নবাগতসকলক আদৰণী জনোৱাৰ উদ্দেশ্য শনিবাৰে আড়ম্বৰপূৰ্ণভাৱে নবাগত আদৰণি সভা অনুষ্ঠিত কৰা হয়। এই উপলক্ষে পুৱা ন-পুৰণি ছাত্ৰ-ছাত্ৰীৰ অন্তৰংগ অনুষ্ঠানৰ পিছতে মুকলি সভা অনুষ্ঠিত হয়। জ্ঞানপীঠ একাডেমীৰ ছাত্ৰ-ছাত্ৰীসকলে পৰিবেশন কৰা একাডেমীৰ সংগীতৰ পিছতে অনুষ্ঠিত হোৱা মুকলি সভাত সভাপতিত্ব কৰে একাডেমীৰ  ৰেক্টৰ ড০ অকন চন্দ্ৰ শইকীয়াই। একাডেমীৰ জ্যেষ্ঠ শিক্ষক মুকুল বৰাই উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানটোত আদৰণি ভাষণ প্ৰদান কৰে জ্ঞানপীঠ একাডেমীৰ অধ্যক্ষ ঋষেশ্বৰ শৰ্মাই।

মুকলি সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি দীনবন্ধু সন্মানপ্ৰাপক বিশিষ্ট চিকিৎসক ড০ চন্দ্ৰ বৰাই ছাত্ৰ-ছাত্ৰীসকলে দেউতাকৰ উপাৰ্জনৰ টকাৰে মটৰ চাইকেল ক্ৰয় কৰাতকৈ নিজৰ উপাৰ্জনেৰে মটৰ চাইকেল ক্ৰয় কৰা উচিত বুলি মন্তব্য ৰাখে। তেখেতে ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি কয় যে পৃথিবীত সকলো ক্ষন্তেকৰ আলহি। নিজৰ জীৱনটো সজোৱাত ছাত্ৰ-ছাত্ৰীসকলৰ নিজৰ শ্ৰম অপৰিসীম।

সৰু-সুৰা ব্যৰ্থতাত ছাত্ৰ-ছাত্ৰীসকল হতাশ হোৱাৰ কোনো কাৰণ নাই। জ্ঞানপীঠ একাডেমীৰ প্ৰশাসনীক সঞ্চালক প্ৰদীপ চুতীয়াই একাডেমীৰ উত্তৰণ সম্পৰ্কত  বক্তব্য ৰখা সভাত যোৰহাট জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক জিতু নেওগ, জ্ঞানপীঠ একাডেমীৰ সচিব সৌৰভ বৰা, টীয়ক প্ৰেছ ক্লাৱৰ উপদেষ্টা নিৰ্মলেন্দু পাঠককে ধৰি বহু কেউগৰাকী ব্যক্তিয়ে বক্তব্য ৰাখে।

টীয়ক আছুৰ সভাপতি ৰণ্টু ভূঞা, সম্পাদক প্ৰীতম জ্যোতি শইকীয়া, যোৰহাট মহকুমা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক যদুমনি বৰুৱা, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ নেতা ইছফাক আলী আহমেদ, মহাবিদ্যালয়ৰ উপাধ্যক্ষ সুনিল দাসৰ লগতে অভিভাৱক, শিক্ষক-শিক্ষয়ত্ৰী, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আৰু বহু স্থানীয় দল-সংগঠনৰ নেতা জ্ঞানপীঠ একাডেমীৰ নবাগত আদৰণি সভাত উপস্থিত থাকে। নবাগত আদৰণী সভাৰ লগত সংগতি ৰাখি কেইবাটাও সাংস্কৃতিক অনুষ্ঠানো প্ৰদৰ্শন কৰা হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।