জাতীয়তাবাদী নেতাই পিন্ধিলে গেৰুৱা বসন!

 03/26/2019 - 12:42

গুৱাহাটীঃ ৰাজনীতিত সকলো সম্ভৱ। এগৰাকী জাতীয়তাবাদী নেতাই পিন্ধিলে গেৰুৱা বসন। বিজেপিত যোগদান নাগৰিকত্ব সংশোধনী বিধেয়কৰ তীব্ৰ বিৰোধিতা কৰা তাই আহোম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা অশ্বিনী চেতিয়াই বিজেপিত যোগদান কৰে। ২২ বছৰ ধৰি আটাছুৰ সৈতে জড়িত থকা অশ্বিনী চেতিয়াক সাদৰেৰে আদৰে গেৰুৱা দলটিয়ে।

২০১৬ত বিধানসভাৰ নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে শিৱসাগৰ সমষ্টিৰপৰা প্ৰতিদ্বন্দ্বিতা কৰি তৃতীয় স্থান লাভ কৰিছিল চেতিয়াই। ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যালয়ত অনুষ্ঠিত যোগদান কার্যসূচীত উপস্থিত থাকে 'নেডা’ৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিত কুমাৰ দাসকে ধৰি বিজেপিৰ কেইবাগৰাকীও শীৰ্ষস্থানীয় নেতা।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।