আলগাচৰত মাকৈ খেতিৰ মাজত ৰিলিফৰ সামগ্ৰী উদ্ধাৰ

 07/21/2019 - 15:56

খাৰুপেটিয়াঃ যি সময়ত ৰাজ্যত ভয়ংকৰ বানপানীৰ কবলত পৰি বানাক্ৰান্ত লোকসকলে এমুঠি অন্যৰ কাৰণে হাহাকাৰ কৰিবলগীয়া হৈছে, ঠিক সেই সময়তে ব্ৰক্ষ্মপুত্ৰ নদীৰ উত্তৰ পাৰৰ আলগাচৰৰ মাকৈ খেতিৰ মাজত ৪৫ বস্তা চাউল, ১২ বস্তা মচুৰ দাইল, ২ বস্তা নিমখ আদি উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে বানাক্ৰান্ত লোকসকলক বিতৰণ কৰিবলৈ অনা সামগ্ৰীসমূহ বসতি নথকা অঞ্চলৰ ঘন মাকৈৰ খেতিত উদ্ধাৰ হয় সা-সামগ্ৰীখিনি।

দৰং জিলাৰ মঙলদৈ ৰাজহ চক্ৰৰ পুঠিমাৰী গাঁও পঞ্চায়তৰ সভাপতি সম্পাদকে একাংশ দুষ্ট চক্ৰৰ সহযোগত উক্ত সামগ্ৰীখিনি আত্মসাৎ কৰাৰ উদ্দেশ্য ঘন মাকৈ খেতিৰ মাজত তিৰপালেৰে ঢাকি ৰাখিছিল বুলি স্থানীয় ৰাইজে সন্দেহ কৰিছে। তাৎপৰ্যপূৰ্ণ কথা হ’ল আত্মসাৎ কৰা সামগ্ৰীখিনিৰ বিষয়ে স্থানীয় শ্যামপুৰ আৰক্ষীক খবৰ দিয়াৰ পিছতো গা এৰা দি সামগ্ৰীখিনি উদ্ধাৰ কৰিব নোৱাৰিলে। উক্ত ঘটনাৰ ওপৰত এক উচিত তদন্তৰ দাবী তুলিছে স্থানীয় ৰাইজৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাংগঠনিক সম্পাদক ছফিকুল ইছলামে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।